১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণক লৈ বিতর্ক চলি থকাৰ সময়ত অসমৰ ১২৬ জনীয়া বিধানসভাত এইবাৰ মহিলাৰ প্রতিনিধিত্ব থাকিব মাত্র ৭ গৰাকী। অৰ্থাৎ মহিলা বিধায়কৰ প্ৰতিনিধিত্ব থাকিব মাত্র ৫.৫৫ শতাংশ। এইবাৰৰ বিধানসভা নির্বাচনত মহিলা প্রার্থী আছিল ৫৯ গৰাকী। তেওঁলোকৰ মাজৰ পৰা বিজেপিৰ চাৰিগৰাকী, অগপ, বি পি এফ আৰু কংগ্ৰেছৰ এগৰাকীকৈ মহিলা প্রার্থী নির্বাচিত হৈছে। 

উল্লেখযোগ্য যে বিজেপিয়ে প্রক্ষেপ কৰা ৯০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা আছিল মাত্র ৫ গৰাকী। তেওঁলোকৰ মাজৰ পৰা চাৰিগৰাকী ক্ৰমে গোলাঘাটত অজন্তা নেওগ, হাফলঙত ৰূপালী লাংঠাছা, মঙলদৈত নীলিমা দেৱী, ডিফুত নিছ' টেৰণপী নির্বাচিত হয়। ইফালে কংগ্ৰেছৰ মুঠ ৯৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্রার্থী আছিল ১০ গৰাকী। তেওঁলোকৰ মাজৰ পৰা মাত্ৰ এগৰাকী ধুবুৰীত বেবী বেগম নির্বাচিত হয়। 

ইফালে বিজেপিৰ মিত্ৰদল অগপই প্রতিদ্বন্দ্বিতাত নমা ২৯ সমষ্টিৰ ভিতৰত বঙাইগাঁৱত প্রার্থিত্ব দিয়া দীপ্তিময়ী চৌধুৰী আৰু বি পি এফৰ মুঠ ১১ প্ৰাৰ্থীৰ ভিতৰত প্ৰতিদ্বন্দ্বিতাত নমা একমাত্র মহিলা প্রার্থী শিউলী ব্রহ্ম নির্বাচিত হৈছে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এগৰাকীকৈ, ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছে দুগৰাকীকৈ ২৩ মহিলা প্রার্থীক থিয় কৰাইছিল যদিও দলকেইটাৰ কোনো মহিলা প্রার্থী নির্বাচিত নহ'ল।

Share This