বিশেষ আদালত গঠনকে ধৰি ৫টা দাবী, প্রধানমন্ত্রীলৈ স্মাৰক-পত্ৰ গৰিমাসহ জুবিনৰ পৰিয়ালৰ

dainik janambhumi January 25, 2026

ডিজিটেল ডেস্ক: দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ প্রাক্‌মুহূৰ্তত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি তেওঁৰ পত্নী গৰিমা গাৰ্গ আৰু পৰিয়ালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে। 

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰখনৰ যোগে গৰিমা গার্গে প্রধানমন্ত্রীক পাঁচটা দাবী জনাইছে। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দাবীটো হ'ল জুবিনৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া খৰটকীয়া কৰিবৰ বাবে এখন বিশেষ আদালত গঠন কৰা। লগতে অসম চৰকাৰে গঠন কৰি দিয়া চৰকাৰী অধিবক্তাৰ দলটোত প্রয়োজন সাপেক্ষে অধিক শক্তিশালী চৰকাৰী অধিবক্তা নিযুক্তি দিবলৈও গৰিমা গার্গে প্রধানমন্ত্রীক অনুৰোধ জনাইছে। আনহাতে, জুবিনৰ ন্যায় লাভৰ প্ৰক্ৰিয়াটো যাতে সময়ৰ লগে লগে স্তিমিত হৈ নপৰে, তাৰবাবে ফাষ্ট ট্রেক আদালতত এই বিচাৰ প্রক্রিয়া চলোৱাৰ ব্যৱস্থা কৰিবলৈও তেওঁ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে। 

গৰিমাৰ উপৰি জুবিনৰ ভগ্নী পামী বৰঠাকুৰ আৰু গায়ক মনোজ বৰঠাকুৰে স্বাক্ষৰ কৰা এই স্মাৰক-পত্ৰখনৰ যোগে জুবিনৰ ন্যায় প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত কোনো এটা অপৰাধীয়ে যাতে জামিনত মুকলি হৈ আহিব নোৱাৰে সেয়া নিশ্চিত কৰিবৰ বাবেও তেওঁলোকে প্রধানমন্ত্রী মোদীক অনুৰোধ জনাইছে। আনহাতে, ছিংগাপুৰৰ আদালতত চলি থকা জুবিন হত্যাৰ গোচৰটো যাতে শীর্ষ পর্যায়ত পৰ্যবেক্ষণ কৰিব পৰা হয়, ভাৰত-ছিংগাপুৰ দুয়োখন দেশৰ মাজত যাতে গোচৰটো চলাই যোৱাত সহযোগিতা অটুট থাকে আৰু বিদেশী ৰাষ্ট্ৰ হোৱাৰ বাবেই যাতে জুবিনৰ মৃত্যুৰ প্ৰকৃত সত্য লুকাই নাথাকে, তাৰবাবে ভাৰত চৰকাৰে ছিংগাপুৰৰ লগত কূটনৈতিক আৰু আইনী হেঁচা দিবৰ বাবে তেওঁলোকে প্রধানমন্ত্রী মোদীক দাবী জনাইছে।

Share This