বাংলাদেশলৈ ৫০% সাহায্য কর্তন

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক: কেন্দ্রীয় চৰকাৰে চৰকাৰী খণ্ডৰ বেংকত ৪৯% প্রত্যক্ষ বিদেশী বিনিয়োগৰ (এফ ডি আই) সিদ্ধান্তৰ বিষয়ে বিবেচনা কৰি আছে। সংবাদ মাধ্যমত প্রকাশ পোৱা এটা বাতৰিত এই কথা কোৱা হৈছে। চৰকাৰে এই বিষয়ে বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি আছে। 

উল্লেখযোগ্য যে বৰ্তমান চৰকাৰী খণ্ডৰ বেংকত এফ ডি আইৰ সীমা হ'ল ২০%। বিত্তীয় সেৱা বিভাগৰ সচিব এম নাগৰাজুৱে কয় যে চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংকত এফ ডি আইৰ হাৰ ৪৯%লৈ বৃদ্ধি কৰাৰ প্ৰসংগটোক লৈ বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি থকা হৈছে। চৰকাৰে এই সম্পৰ্কত ভাৰতীয় ৰিজার্ভ বেংকৰ সৈতেও আলোচনা কৰি আছে। 

উল্লেখযোগ্য যে দেশৰ ৰাজহুৱা খণ্ডৰ ১২টা বেংকৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল প্রায় ১৭১ লাখ কোটি টকা। ই হ'ল দেশৰ বেংকিং খণ্ডৰ মুঠ পুঁজিৰ প্ৰায় ৫৫%। চৰকাৰে এই ১২টা বেংকৰ ৫১% নিজৰ হাতত ৰাখি বাকীখিনি বিদেশী বিনিয়োগকাৰীৰ বাবে মুকলি কৰি দিবলৈ বিচাৰিছে। উল্লেখযোগ্য যে বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দেওবাৰে বাজেট ভাষণত এই বুলি ঘোষণা কৰিছিল যে বেংকিং খণ্ডৰ ব্যাপক সমীক্ষাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ'ব।

Share This