ডিজিটেল ডেস্কঃ সোমবাৰে কাটাৰৰ ৰাজধানী ডোহাত ইজৰাইলৰ বিৰুদ্ধে এক বিশেষ বৈঠকত ৫০খন মুছলমান দেশৰ নেতাসকল মিলিত হয়। এই বৈঠক আহ্বান কৰিছিল আৰব লীগ আৰু অর্গেনাইজেশ্যন অব্ ইছলামিক কো-অপাৰেশ্যনে (অ' আই চি)। ৯ ছেপ্টেম্বৰত কাটাৰত ইজৰাইলে কৰা আক্ৰমণৰ বিষয়ত আলোচনাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে ইজৰাইলৰ উক্ত আক্রমণত হামাছৰ ৫ জন সদস্য আৰু কাটাৰৰ এজন নিৰাপত্তা বিষয়াৰ মৃত্যু হৈছিল। গাজাত চলি থকা দুবছৰীয়া যুদ্ধৰ সমাপ্তিৰ বাবে আমেৰিকাই আগবঢ়োৱা প্ৰস্তাৱত হামাছৰ এটা দলে ডোহাত আলোচনা কৰি থকাৰ সময়তে ইজৰাইলে এই আক্রমণ চলাইছিল।
সোমবাৰে অনুষ্ঠিত বৈঠকত প্রথমে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজে ছকিয়ানে ইছলামী দেশসমূহক ইজৰাইলৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ আহবান জনায়। তেওঁ ইছলামী দেশবোৰক একগোট হ'বলৈও অনুৰোধ কৰে।
ইফালে পাকিস্তানে সকলো ইছলামী দেশক নাটোৰ দৰে উমৈহতীয়া সৈন্যবাহিনী গঠনৰ পৰামৰ্শ দিয়ে। পাকিস্তানীৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ইজৰাইলৰ বিৰুদ্ধে কঠোৰ বক্তব্য দাঙি ধৰি কয় যে ইজৰাইলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ প্ৰয়োজন।
উল্লেখযোগ্য যে ডোহাত ইছলামী দেশৰ বিদেশ মন্ত্ৰীসকলৰো দেওবাৰে ইজৰাইলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা সন্দৰ্ভত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল।