নথি-পত্ৰৰ অভাৱত নেপালত আবদ্ধ ৫২ ভাৰতীয় তীর্থযাত্রী, কৈলাস মানসৰোবৰ যাত্ৰাত চীনৰ প্ৰতিবন্ধকতা 

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : চীনত প্ৰৱেশৰ বাবে প্রয়োজনীয় অনুমতি-পত্র (পার্মিট) আৰু ভিছা নথকাৰ বাবে কৈলাস মানসৰোবৰ অভিমুখী বহু ভাৰতীয় তীর্থযাত্রী নেপালত আবদ্ধ হৈ আছে। কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্র্যালয়ে এই তথ্য প্রকাশ কৰিছে। 

ব্যক্তিগত খণ্ডৰ ট্যুৰ অপাৰেটৰৰ জৰিয়তে এই তীর্থযাত্রীসকলে ভ্রমণ আৰম্ভ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্র্যালয়ে ভাৰতৰ পৰা পৰৱৰ্তী পৰ্যায়ত কৈলাস মানসৰোবৰ দৰ্শনৰ বাবে যাবলগা তীর্থযাত্রীসকলক ভ্রমণৰ বাবে প্রয়োজনীয় সকলো নথি-পত্ৰ যোগাৰ হোৱাৰ পাছতহে যাত্ৰা আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। 


তদুপৰি তীৰ্থযাত্ৰাৰ বাবে বুকিং কৰাৰ পূৰ্বে ট্যুৰ অপাৰেটৰৰ সম্পূৰ্ণ তথ্য-পাতি পৰীক্ষা কৰাৰ বাবেও যাত্ৰীসকলক পৰামৰ্শ আগবঢ়াইছে চৰকাৰে। নেপালত প্রায় ৫২জন ভাৰতীয় তীৰ্থযাত্রী আবদ্ধ হৈ থকা বিষয়টো প্ৰথমে চৰকাৰৰ দৃষ্টিগোচৰ কৰে এন চি পি (শাৰদ পাৱাৰ) ৰ সাংসদ সুপ্রিয়া সুলেই। তেওঁ এই ক্ষেত্রত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ হস্তক্ষেপ দাবী কৰে।

Share This