দেশত ডিজিটেল এৰেষ্টৰ জৰিয়তে ৫৪ হাজাৰ কোটি টকা লুট

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক: দেশত ডিজিটেল এৰেষ্টৰ জৰিয়তে কৰা বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যোৱা সময়ছোৱাত প্ৰৱঞ্চক চক্রই ডিজিটেল এৰেষ্টৰ জৰিয়তেই বিভিন্নজনৰ একাউণ্টৰ পৰা ৫৪ হাজাৰ কোটি টকা লুটি নিছে। দেশৰ সাধাৰণ জনতা বাদেই উচ্চতম ন্যায়ালয়ো এই ভয়াৱহ বিত্তীয় প্ৰৱঞ্চনাৰ ক্ষেত্রত চিন্তিত হৈ পৰিছে। 

ডিজিটেল এৰেষ্ট সম্পৰ্কীয় এটা গোচৰৰ শুনানিৰ সময়ত সোমবাৰে উচ্চতম ন্যায়ালয়ে ডিজিটেল এৰেষ্টক এটা সম্পূর্ণ ডকাইতিৰ ঘটনা বুলি উল্লেখ কৰে। মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ এন ভি অঞ্চাৰিয়াৰ বিচাৰপীঠে ডিজিটেল এৰেষ্টৰ জৰিয়তে হোৱা বিত্তীয় প্ৰৱঞ্চনাৰ পৰা সাধাৰণ জনতাক সুৰক্ষিত ৰখাৰ বাবে ৰিজার্ভ বেংক, দেশৰ অন্যান্য বেংকসমূহৰ লগতে গৃহ মন্ত্ৰ্যালয় আৰু টেলি কমিউনিকেশ্যন মন্ত্ৰ্যালয়ক কঠোৰ এছ অ' পি জাৰি কৰাৰ বাবে নিৰ্দেশ দিয়ে। 

ন্যায়ালয়ে ডিজিটেল এৰেষ্টৰ জৰিয়তে হৰণলুকী কৰা ধনৰ পৰিমাণ দেখি আশ্চর্য প্ৰকাশ কৰাৰ লগতে কয় যে এই ধনৰাশিৰ পৰিমাণ বহুকেইখন সৰু ৰাজ্যৰ বাৰ্ষিক বাজেটতকৈও অধিক। ন্যায়ালয়ে বেংকসমূহক গ্ৰাহকৰ ধন সংৰক্ষণৰ দায়বদ্ধতা বুজি উঠাৰ বাবে আৰু আন্তঃএজেঞ্চি সমন্বয় বৃদ্ধি কৰাৰ বাবেও নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লগতে নির্দেশ কৰিব লাগে যাতে ডিজিটেল এৰেষ্টৰ ঘটনা সন্দৰ্ভত গ্রাহকক সজাগ কৰি তুলিব পাৰি আৰু ডিজিটেল এৰেষ্টৰ জৰিয়তে প্ৰৱঞ্চনা সংঘটিত হ'লে যাতে দুষ্ট চক্রই বেংকত লেনদেন কৰাত বাধা দিব পাৰি। ইফালে, উচ্চতম ন্যায়ালয়ত সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে উল্লেখ কৰে যে 'ডিজিটেল এৰেষ্ট' ছাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰ্যালয় সমিতি গঠন কৰিছে। 

উল্লেখযোগ্য যে দেশত ডিজিটেল এৰেষ্টৰ ঘটনা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। কেৱল ২০২৪ চনতে এনেধৰণৰ ২.২ নিযুত ছাইবাৰ অপৰাধ সংঘটিত হৈছিল। য'ত সাধাৰণ গ্ৰাহকৰ একাউণ্টৰ পৰা প্ৰায় ২২ হাজাৰ কোটি টকা লুটি নিয়া হৈছিল। নেশ্যনেল ছাইবাৰ ক্রাইম ৰিপ'র্টিং প'ৰ্টেলৰ তথ্য অনুসৰি ২০২২ চনৰ পৰা ২০২৪ চনলৈ ভয়ংকৰ হাৰত বৃদ্ধি পালে ডিজিটেল এৰেষ্টৰ ঘটনা। ২০২২ চনত এই ছাইবাৰ অপৰাধৰ ঘটনা ১০.২৯ লাখ আছিল আৰু ২০২৪ চনত ই ২.২ কোটিলৈকে বৃদ্ধি পালে।

Share This