তালিবানীৰ আক্ৰমণত ৫৫ পাক সৈন্য নিহত

dainik janambhumi March 04, 2026

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত যুদ্ধৰ উত্তেজনা চলি থকাৰ সময়তে আফগানিস্তানৰ তালিবান কর্তৃপক্ষই পাকিস্তানৰ কেইবাটাও সামাৰিক ঘাটিত সোমবাৰে বিমানেৰে আক্রমণ চলায়। 'অপাৰেশ্যন সেন্দুৰ'ত ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণত বিধবস্ত হোৱা ৰাৱালপিণ্ডিস্থিত গুৰুত্বপূৰ্ণ পাক বিমান ঘাটি নূৰখানতো আক্ৰমণ কৰে আফগান বায়ু সেনাই। তদুপৰি, আফগানিস্তানে কুৱেট্টাত থকা পাক সেনাৰ ১২ কৰ্পছৰ মুখ্য কার্যালয়, খাইবাৰ পাখতুনখাৱাৰ মহম্মদ এজেন্সিৰ খোয়িজো সামৰিক ঘাটি আৰু খুলনী সামৰিক ঘাটিতো বিমান আক্রমণ চলায়। এই সেনাৰ ঘাটিকেইটা হৈছে পাকিস্তানৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা ভেটি। 

সামাজিক মাধ্যম 'এক্স'ত প'ষ্টযোগে আফগানিস্তানৰ প্ৰতিৰক্ষা ম্যালয়ে কয় যে পাকিস্তানী সেনাৰ শেহতীয়া আকাশী আক্ৰমণৰ প্ৰতিশোধকল্পে এই সামৰিক অভিযান চলোৱা হৈছে। আনহাতে, আফগানিস্তানৰ বায়ু সেনাৰ সঠিক আক্রমণত পাকিস্তানী সেনাৰ ঘাটিসমূহৰ বিধস্তৰ ক্ষতি হৈছে। পাকিস্তানী বিমান ঘাটিৰ বিধ্বস্ত ছবি ইতিমধ্যে আফগান কর্তৃপক্ষই ভিডিঅ'যোগে শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে পাকিস্তানে ইয়াৰ পূৰ্বে ৰাজধানী কাবুলকে ধৰি বগৰাম আৰু বিভিন্ন আফগান আঞ্চলত যোৱা নিশা বিমানেৰে বোমাবর্ষণ কৰিছিল। পাকিস্তানৰ এই আক্রমণত ২৭০জন তালিবান যুঁজাৰু আৰু
৪০০তকৈ অধিক তালিবানী আহত হৈছিল। 

ইফালে, এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি আফগান বায়ু সেনাই কৰা আক্ৰমণত ৫৫জন পাকিস্তানী সৈন্য নিহত হৈছে বুলি দাবী কৰিছে তালিবান চৰকাৰৰ মুখপাত্র জাবিউল্লাহ মুজাহিদে। আনহাতে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে আনগানিস্তানৰ সৈতে তেওঁলোকে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ সকলো ব্যৱস্থা লৈছে যদিও ভাৰতৰ উচটনিত আফগানিস্তানৰ তালিবান কর্তৃপক্ষই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে।

Share This