ডিজিটেল ডেস্ক : আফগানিস্তান আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাই সংঘৰ্ষৰ ৰূপ ধাৰণ কৰিছে। শনিবাৰে নিশা আফগানিস্তানৰ তালিবান সেনাৰ আক্ৰমণত পাকিস্তানৰ ৫৮জন সৈনিক নিহত হয়। তালিবান চৰকাৰৰ সেনাই পাকিস্তানৰ প্ৰায় ২৫টা সীমান্ত চকী দখল কৰা বুলিও দাবী কৰে। ইফালে, পাকিস্তানী সেনাই কালি দাবী কৰা মতে তেওঁলোকে আফগানিস্তানৰ ১৯টা সীমান্ত চকী দখল কৰাৰ লগতে দুই শতাধিক অনুপ্রৱেশকাৰী তালিবানী যুঁজাৰুক হত্যা কৰে। ইয়াৰ লগতে নিজৰ প্ৰায় ২৩জন সৈনিক নিহত হোৱা বুলি স্বীকাৰ কৰে। কালি দিনৰ ভাগত পাকিস্তানী সেনাই আফগানিস্তানৰ কান্ধৰ প্ৰদেশৰ স্পিন বল্ডক অঞ্চলত ড্র'ন আৰু যুঁজাৰু বিমানেৰে আক্ৰমণ কৰে। পাকিস্তানী সেনাই যোৱা শুকুৰবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত বিমানেৰে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত আফগানিস্তানত শাসনত থকা তালিবানৰ সেনাই শনিবাৰে শেহ নিশা ডুৰাণ্ড ৰেখাত থকা অঞ্চলবোৰত আক্রমণ কৰে। ডুৰাণ্ড ৰেখাত দুয়োপক্ষৰ সৈনিকৰ মাজত ভীষণ যুদ্ধ হয় বুলি বাতৰিত প্রকাশ।
আফগানিস্তানৰ বিদেশ মন্ত্ৰী ভাৰতত থকাৰ সময়তে শনিবাৰে নিশা দেশখনৰ পাকিস্তানৰ সৈতে যুদ্ধৰ সূত্রপাত ঘটে। আফগানিস্তান চৰকাৰৰ মুখপাত্র জবীহুল্লা মুজাহিদে প্রকাশ কৰা মতে, শনিবাৰে নিশা আফগান ইছলামিক আমিৰাটৰ সেনাৰ পাকিস্তানী সেনাৰ সৈতে হোৱা যুদ্ধত পাকিস্তানৰ ৫৮জন পাক সৈনিক নিহত আৰু আন ৩০জন সৈনিক আহত হয়। তেওঁ জনোৱা মতে, আফগান সেনাই পাকিস্তানী সেনাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰ জব্দ কৰে। জবিহুল্লা মুজাহিদে প্রকাশ কৰা মতে, শনিবাৰে নিশা দুয়োখন দেশৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষত তেওঁৰ দেশৰ ২০জনতকৈ অধিক জোৱান হয় নিহত হৈছে অথবা আহত হৈছে। তেওঁ কয় পাকিস্তানী সেনাই ডুৰাণ্ড ৰেখাত বিমানেৰে কৰা আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ বাবে আফগান সেনাই শনিবাৰে এই আক্রমণ কৰে। তেওঁ কয়, আইছিছ, জৈছ-এ-মহম্মদ, লস্কৰ-এ-টয়বাৰ দৰে কুখ্যাত সংগঠনে দেশখনত আশ্রয় লৈ থকা সত্ত্বেও পাকিস্তানে বিষয়টোত গুৰুত্ব দিয়া নাই। আফগানিস্তানৰ নিজৰ আকাশ আৰু স্থলসীমা সুৰক্ষা দিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি তেওঁ কয়। মুজাহিদে পাকিস্তানক সন্ত্রাসবাদীক আশ্রয় দিয়াটো বন্ধ কৰিবলৈ আৰু দেশখনত থকা সন্ত্রাসবাদীক আফগানিস্তানৰ হাতত চমজাই দিবলৈ আহ্বান জনায়। ইফালে, পাকিস্তানী সেনাৰ সূত্রই কয় যে আফগান সেনাই শনিবাৰে নিশা অপ্ৰৰোচিতভাৱে পাকিস্তানী অঞ্চলত আক্রমণ কৰে। পাকিস্তানী সেনাই সম্পূর্ণ শক্তিৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে বুলি উল্লেখ কৰি সূত্ৰটোৱে কয় যে সংঘর্ষ কমেও ছটা স্থানত হয়। সূত্ৰটোৰ মতে, পাকিস্তানী সেনাই আফগানিস্তানৰ কেইবাটাও সীমান্ত চকী ধ্বংস কৰে। আফগান সেনা আৰু পাকিস্তানী সেনাৰ মাজত শনিবাৰে নিশা পক্তিয়া, কুনৰ, খোস্ত, হেলমন্দ আৰু নংহাৰত সংঘর্ষ হোৱা বুলি জনা গৈছে।
ইফালে, বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পোৱা ভিডিঅ'ত দেখা পোৱা মতে, আফগান সেনাৰ আক্ৰমণত পাকিস্তানী সেনাৰ বৃহৎ ক্ষতি হৈছে। পাকিস্তানী সেনাৰ ড্ৰ'ন আৰু ৰাডাৰ প্ৰণালীৰো ক্ষতি হোৱা বুলি জনা গৈছে। ইফালে, পাকিস্তানী সেনাই আফগানিস্তানৰ আক্ৰমণক অপ্রয়োজনীয় গুলীচালনা বুলিহে অভিহিত কৰে। তালিবানৰ নেতৃত্বৰ আফগান সেনাই কালি নিশা কৰা আক্ৰমণটোত পাকিস্তানৰ কমেও সাতটা সীমান্ত চকী ধ্বংস হয়। আক্রমণ ইমানেই শক্তিশালী আছিল যে বৃহৎসংখ্যক পাকিস্তানী সেনাই নিজৰ অস্ত্র-শস্ত্ৰ এৰি পলায়ন কৰে। দুয়োখন দেশৰ মাজত এই পর্যন্ত যুদ্ধ চলি থকাৰ বাতৰি পোৱা গৈছে। পাকিস্তানী সেনাই আফগানিস্তানৰ কান্ধাৰ প্রদেশত থকা তেহৰিক-ই-তালিবান পাকিস্তানৰ কেইবাটাও ঘাটিত ড্রন আৰু বিমানেৰে আক্ৰমণ কৰে। ইয়াৰ উপৰি আফগানিস্তান সীমান্তত পাকিস্তানী সেনাই মর্টাৰেৰে আক্ৰমণ কৰা বুলিও জনা গৈছে। ইফালে, দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পাছত ইৰান, কাটাৰ, ছৌডি আৰবকে ধৰি বিশ্বৰ বিভিন্ন দেশে পাকিস্তান আৰু আফগানিস্তানক সংযম হ'বলৈ আহ্বান জনোৱাৰ লগতে আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ মাজৰ সমস্যা দূৰ কৰাৰ আহ্বান জনাইছে। ইফালে, আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্রালয়ে শেহতীয়াকৈ দিয়া এটা বিবৃতিত কয় যে তেওঁলোকে চলোৱা অভিযানৰ অন্ত পৰিছে। পাকিস্তানৰ সেনাই আফগানিস্তানৰ সীমাত পুনৰ অনুপ্ৰৱেশ কৰিলে ইয়াৰ যোগ্য প্রত্যুত্তৰ দিয়া হ'ব বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্রালয়ে কয়।