আজি বর্ণিল সাংস্কৃতিক শোভাযাত্রা, মৰাণ ছাত্ৰ সন্থাৰ ৫৮ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস আৰম্ভ

dainik janambhumi May 06, 2026

ডিজিটেল ডেস্ক: 'একাগ্রতা, ধৈর্য, সাহস আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতহে জীৱনলৈ সফলতা আহে। বিখ্যাত বিজ্ঞানী টমাছ আলভা এডিচনে বিদ্যুৎ আৱিষ্কাৰ কৰিবলৈ বাৰ শ বাৰ বিফল হৈছিল। অৱশেষত তেওঁ বিদ্যুৎ আৱিষ্কাৰ কৰিবলৈ সফল হৈছিল। গতিকে বিফলতাই সফলতাৰ আন এক পথৰ সন্ধান দিয়ে।' 

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৮ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস উপলক্ষে কালি 'জ্ঞানদ্বীপ' শীর্ষক এক আলোচনা-চক্রত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্র-ছাত্রীসকলক উদ্দেশ্যি এনেদৰে মন্তব্য কৰে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই। তালাপ-কৰ্দৈগুৰি আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্রদীপ কুমাৰ মৰাণে উদ্বোধন কৰা শ্ৰী শ্ৰী নৰসিংহভূজ সমন্বয় ক্ষেত্রত কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত শৈক্ষিক আলোচনা 'জ্ঞানদ্বীপ' শীর্ষক আলোচনাখনি সঞ্চালনা কৰে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ শইকীয়াই, উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ং কুমাৰে, আদৰণী ভাষণ প্রদান কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা টিকেন্দ্রজিৎ গোহাঁয়ে। 

সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডুমডুমা সম-জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত দত্ত পুৱা ভাগত সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি পলীন্দ্র বড়াই আৰু শ্বহীদ তর্পণ কৰে জয়কান্ত মৰাণে। সুন্দৰকৈ নির্মাণ কৰি উলিওৱা আৰ্হি মৰাণ ঘৰ-বাৰী উদ্বোধন কৰে তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত জাভেদ আৰমানে, গ্রন্থমেলা, বিপণী আৰু প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰে কৰ্দৈগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰূপামণি বৰগোহাঁয়ে, অনুষ্ঠানৰ মূল মঞ্চ-মণ্ডপ উদ্বোধন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা থুলেশ্বৰ চেতিয়াই, জুবিন গাৰ্গৰ সংগীত, মৰাণ বিহুৱতী আৰু ঢোল বাদনৰ প্রতিযোগিতা উদ্বোধন কৰে সাংস্কৃতিক সাধক জিতু গোস্বামীয়ে। ইয়াৰ উপৰি মৰাণ ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লোৱা কেইবাগৰাকীও ছাত্র নেতাক বিদায় সম্ভাষণ জনোৱা হয়। লগতে জনজাতীয় সাজপাৰ প্ৰতিযোগিতাও সম্পন্ন হয়। 

উল্লেখ্য যে আবেলি সময়ত মৰাণসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা গছতলৰ বিহু উলহ-মালহেৰে উদযাপন কৰা হয়। সহস্রাধিক মৰাণ ডেকাৰ চাকচনী মাৰিৰ কোবত জাক জাক নাচনীৰ নাচত বিহুতলী দলদোপ হেন্দোলদোপ হৈ পৰা আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখা গৈছিল। নিশা স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। 

উল্লেখ্য যে আজি সামৰণিৰ দিনা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, সন্থাৰ বাৰ্ষিক মুখপত্ৰ আৰু স্মৃতিগ্রন্থ উন্মোচন, ১০০০ মৰাণ গাভৰুৰ বিহুনাচ প্ৰদৰ্শন আৰু মুকলি সভাৰ পাছতে গোটেই নিশা হ'ব লগীয়া মৰাণসকলৰ স্বকীয় বৈশিষ্ট্যৰে পৰম্পৰাগতভাৱে চলি অহা ৰাতিবিহু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব বুলি জনা গৈছে।

Share This