৬০০টা আফটাৰশ্বক, ৫৯ হাজাৰ ঘৰ ধ্বংস ভেনিজুৱেলাত

dainik janambhumi July 01, 2026

ডিজিটেল ডেস্ক : ভেনিজুৱেলাত মাত্র ৩৯ ছেকেণ্ডৰ ভিতৰত হোৱা দুটা প্রবল ভূমিকম্পৰ পাছত এতিয়ালৈকে ৬০০টাতকৈ অধিক সৰু-বৰ জোকাৰণি অনুভূত হয়। ইফালে ভূমিকম্পক নিহত হোৱা লোকৰ সংখ্যা ১৭০০তকৈ অধিক হৈছে। আমেৰিকাক মহাকাশ গৱেষণা সংস্থা নাছাৰ কৃত্রিম উপগ্রহে তোলা ফটোত বিশ্লেষণ কৰি লাভ কৰা তথ্য মতে প্রবল ভূইকঁপ দুটাত ৫৮৮৯০টা ধ্বংস হয়।ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকা লোকৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে। 

উল্লেখযোগ্য যে ভেনিজুৱেলাৰ এই প্ৰাকৃতিক দুৰ্যোগৰ পাছত পৰিস্থিতি অধিক গুৰুতৰ কৰি তোলে দেশখনৰ ৰাজনৈতিক পৰিস্থিতিয়ে। যোৱা ২৪ জুনত কেই ছেকেণ্ডমানৰ ব্যৱধানত অহা ৭.২ আৰু ৭.৫ প্রাবল্যৰ পাছত মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। এতিয়ালৈকে ১৭০০টাতকৈ অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনাহাতে কেইবা হাজাৰ লোক আহত হয়। আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয় দেশখনৰ প্ৰায়ৰা, কাৰাকছ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত। উদ্ধাৰ অভিযানকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হৈছে ভূমিকম্পৰ ফলত বাট-পথো বিধ্বস্ত হৈ পৰাৰ বাবে। ইয়াৰ ফলত গধুৰ যন্ত্ৰ-পাতিসমূহ উদ্ধাৰ অভিযানত কামত লগোৱাত অসুবিধাৰ সৃষ্টি হৈছে। 

দেশখনৰ অৰ্থনৈতিক সংকটৰ ফলত ঔষধ আৰু খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে। ইয়াৰ মাজতে একাংশ লোকে লুটপাট অব্যাহত ৰখাৰ বাতৰিও পোৱা গৈছে। বিজ্ঞানীসকলৰ মতে, কেৰিবিয়ান টে'নিক প্লেট আৰু দক্ষিণ আমেৰিকান প্লেটৰ সংঘৰ্ষৰ ফলত এই ভূমিকম্প হয়। ভেনিজুৱেলা এই প্লেটৰ সীমাত আছে। ইফালে প্রবল ভূমিকম্প দুটাৰ পাছত হোৱা ৬০০টা সৰু-বৰ জোকাৰণিয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

Share This