ডিজিটেল ডেস্কঃ ইজৰাইলে সমগ্র গাজাত আক্রমণ চলাই মহিলা-শিশুসহ কমেও ৫৯জন লোকক হত্যা কৰে। হামাছৰ স্বাস্থ্য ম্যালয়ে প্রকাশ কৰা অনুসৰি, ইজৰাইলে হামাছৰ বিৰুদ্ধে ইয়াৰ অভিযান তীব্ৰ কৰি তোলে।
বুধবাৰে পুৱা গাজাৰ আল-আকছা হস্পিটেলৰ সূত্রই কয় যে স্থানচ্যুত পেলেষ্টাইনীসকলে আশ্রয় লৈ থকা এখন বিদ্যালয়ত ইজৰাইলে মঙলবাৰে নিশা আক্রমণ চলাই ২৭জন পেলেষ্টাইনী লোকক হত্যা কৰে। চেন্ট্রেল গাজাত শেহতীয়াভাৱে ইজৰাইলৰ পঞ্চমটো আক্রমণ।
আনহাতে, গাজা মহানগৰৰ আন এখন হস্পিটেলত ইজৰাইলে আক্ৰমণ চলাই ১৬জন লোকক হত্যা কৰে। বুৰেইজত বিদ্যালয়খনৰ আশ্রয় শিবিৰৰ পৰা ইজৰাইলৰ ড্ৰ'ন আক্ৰমণৰ বাবে ধোঁৱা ওলাই থকা পৰিলক্ষিত হয়। ইজৰাইলে এই আক্ৰমণটোৰ সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই। ইজৰাইলে মৃত্যুৰ সংখ্যা বৃদ্ধিৰ বাবে হামাছক জগৰীয়া কৰিছে কাৰণে হামাছে বিদ্যালয়ৰ লগত অসামৰিক আন্তঃগাঁথনিবোৰত ঘাটি স্থাপন কৰি অভিযান চলাই আছে।