ডিজিটেল ডেস্ক: ইৰানৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ বিশ্বৰ প্ৰায়বোৰ দেশতে পৰা পৰিলক্ষিত হৈছে। যুদ্ধৰ ফলত হৰমুজ প্রণালী বন্ধ হৈ পৰাত বিশ্বত সৃষ্টি হোৱা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সংকটৰ ফলত অধিকাংশ দেশৰ উদ্বেগ বৃদ্ধি পাইছে আৰু ইয়াৰ লগতে মূল্যবৃদ্ধি হোৱাও দেখা পোৱা গৈছে।
ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠনে (এফ এ অ') প্ৰকাশ কৰা তথ্য মতে, যুদ্ধৰ ফলত বিশ্বত খাদ্য সামগ্ৰীৰ দাম ছয় মাহৰ ভিতৰত সৰ্বাধিক হৈছে। এই সংকট অব্যাহত থাকিলে অনাগত মাহবোৰত সমস্যা অধিক গভীৰ হৈ পৰিব। এফ এ অ'ৱে প্ৰকাশ কৰা মতে, মার্চ মাহত বিশ্বত খাদ্য সামগ্ৰীৰ দাম যোৱা ছেপ্টেম্বৰৰ পাছত সৰ্বাধিক হয়। ইয়াৰ ফলত অনাগত দিনবোৰত খাদ্য সামগ্ৰীৰ দাম অধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে প্রতিবেদনখনত।
এফ এ অ'ৰ তথ্য মতে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাদ্য সামগ্ৰীৰ দাম একেৰাহে দ্বিতীয় মাহৰ বাবে বৃদ্ধি পায়। ইয়াৰ পৰা বিশ্বৰ খাদ্য সামগ্ৰীৰ বজাৰত চাপ বৃদ্ধি পোৱাৰ ইংগিত পোৱা গৈছে। এফ এ অ'ৰ খাদ্য মুদ্রাস্ফীতিৰ হাৰ যোৱা মাহত গড় হিচাপত ১২৮.৫% আছিল আৰু ফেব্ৰুৱাৰীৰ তুলনাত ২.৪% আৰু বাৰ্ষিক হাৰত ১% বৃদ্ধি পায়। মধ্যপ্রাচ্যৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ ফলত শক্তিৰ দাম বৃদ্ধি পোৱা আৰু উৎপাদন তথা যোগান প্ৰভাৱিত হোৱাৰ ফলতে বিশ্বত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। এফ এ অ'ৰ মুখ্য অর্থনীতিবিদ মেক্সিমো টাৰেৰোৱে কয় যে মধ্যপ্রাচ্যৰ যুদ্ধ আৰম্ভ হোৱাৰ ফলত মূল্যবৃদ্ধি হোৱাৰ প্ৰধান কাৰণ হ'ল খাৰুৱা তেলৰ বৰ্ধিত দাম। তেওঁ এইবুলি সতৰ্ক কৰি দিয়ে যে যুদ্ধ অধিক দীঘলীয়া হ'লে খাদ্য প্রণালী তথা যোগান শৃংখলাত গভীৰ প্ৰভাৱ পৰিব। খাদ্য মুদ্রাস্ফীতি বৃদ্ধি হোৱাৰ কাৰণসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে খাৰুৱা তেলৰ দামবৃদ্ধিৰ ফলত পৰিবহণ ব্যয় বৃদ্ধি পাইছে। ইয়াৰ লগতে বায়' ইন্ধনৰ চাহিদাও বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত বনস্পতি তেলৰ দামো বৃদ্ধি পাইছে। যুদ্ধই সাৰত পেলোৱা প্ৰভাৱো প্ৰধান চিন্তাৰ কাৰণ হৈ পৰিছে আৰু ই কৃষকৰ খেতি-বাতিক প্ৰভাৱিত কৰিব। প্রতিবেদনখনত উল্লেখ কৰা মতে, সাৰৰ দাম বৃদ্ধি পোৱাৰ ফলত বিশ্বৰ বজাৰত ঘেঁহুৰ দাম ৪.৩% বৃদ্ধি পাইছে। ইথানলৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত মাকৈৰ দামো বৃদ্ধি পাইছে।
আনহাতে, বনস্পতি তেলৰ দাম ফেব্ৰুৱাৰীৰ তুলনাত ৫.১% আৰু যোৱা বছৰ একে মাহৰ তুলনাত ১৩.২% বৃদ্ধি পাইছে। ইয়াৰ উপৰি মাংসৰ দাম ১%, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দাম ১.২% আৰু চেনিৰ দাম ৭.২% বৃদ্ধি পাইছে। প্রতিবেদনখনত লগতে কোৱা হয় যে যুদ্ধই বিশ্বৰ যোগান শৃংখলাত গুৰুতৰ প্ৰভাৱ পেলাব। ইয়াৰ লগতে বিশ্বত ঘেঁহুৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১.৭% হ্রাস পাই ৮২ কোটি টন হ'ব বুলি কোৱা হৈছে। ইয়াৰ লগতে প্রতিবেদনখনত এই বুলিও সকীয়াই দিয়া হৈছে যে যুদ্ধ ৪০ দিনতকৈ অধিক দীঘলীয়া হ'লে বিশ্বত ইয়াৰ প্ৰভাৱ অধিক গুৰুতৰ হ'ব। আনহাতে, মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা সাৰৰ সংকটৰ ফলত বিশ্বত খাদ্য সামগ্ৰীৰ উৎপাদন হ্রাস পোৱাৰ সম্ভাৱনা আছে।