৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ ব্রিক্‌ছৰ, ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি

Dainik Janambhumi September 22, 2026

ডিজিটেল ডেস্ক : ব্রিক্‌ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা)ৰ আন দেশসমূহলৈ ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাইছে। চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহত ব্রিক্‌ৰ অন্তৰ্গত ৪খন ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ৩৪ শতাংশলৈ (১,৯৯০ কোটি ডলাৰ) বৃদ্ধি পালে। যিটো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহত (এপ্রিল-আগষ্ট) ১,৪৯০ কোটি মার্কিন ডলাৰ (১৪.৯ বিলিয়ন ডলাৰ) আছিল। এই চাৰিখন দেশৰ ভিতৰত ভাৰতে সৰ্বাধিক ৰপ্তানি কৰিছে চুবুৰীয়া দেশ চীনলৈ। চুবুৰীয়া দেশখনলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ৩৯ শতাংশ বৃদ্ধি হৈ ৯৬০ কোটি ডলাৰ (৯.৬ বিলিয়ন) হৈছেগৈ। ইফালে, ভাৰতৰ পৰা দক্ষিণ আফ্রিকালৈ ৰপ্তানিৰ হাৰ দ্রুতগতিত বৃদ্ধি পাইছে।

যোৱা পাঁচ মাহত আফ্ৰিকাৰ দেশখনলৈ ভাৰতৰ ৰপ্তানিৰ হাৰ ৫৮ শতাংশ বৃদ্ধি পালে। আনফালে, ব্রাজিল আৰু ৰাছিয়ালৈও ভাৰতৰ ৰপ্তানিৰ হাৰ ক্ৰমে ১৩ আৰু ১১ শতাংশ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে চলিত বর্ষত নতুন দিল্লীত ব্রিক্‌ছ শীর্ষ সন্মিলনখন অনুষ্ঠিত হয়। ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত শীর্ষ সন্মিলনত ব্রিক্‌ছৰ আটাইকেইখন প্রতিষ্ঠাপক দেশৰ লগতে নতুন সদস্য ৰাষ্ট্ৰসমূহেও ভাগ লৈছিল। ভাৰতে ব্ৰিক্‌ছৰ ৰাষ্ট্ৰসমূহৰ সৈতে ঘনিষ্ঠ সম্পর্ক গঢ়ি তোলাৰো আঁচনি লৈছে।

Share This