খাৰুৱা তেল, প্রাকৃতিক গেছৰ সম্ভাৱনাক লৈ ব্যাপক চর্চা, জোনাইৰ কবু চাপৰিৰ ভূগৰ্ভত হাইড্ৰ'কাৰ্বনৰ সন্ধান

Dainik Janambhumi September 22, 2026

ডিজিটেল ডেস্ক : জোনাইৰ প্ৰস্তাৱিত সংৰক্ষিত নদীদ্বীপ কবু চাপৰিৰ ভূগৰ্ভত হাইড্ৰ'কার্বন তথা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সম্ভাব্য ভাণ্ডাৰৰ সন্ধান পোৱাৰ দাবীক কেন্দ্ৰ কৰি নতুনকৈ চর্চা আৰম্ভ হৈছে। এই দাবীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ জোনাই-ধেমাজি অঞ্চলত ভূগর্ভত প্রাকৃতিক সম্পদৰ সম্ভাৱনাক পুনৰ চৰ্চাৰ মাজলৈ আনিছে। তথ্য অনুসৰি, কবু চাপৰিক কেন্দ্ৰ কৰি প্ৰায় ৫২৪ বর্গ কিল'মিটাৰ এলেকাত ভূগর্ভস্থ হাইড্র 'কাৰ্বনৰ সম্ভাৱনাৰ কথা পোহৰলৈ আহিছে। দাবী অনুসৰি, ভূগৰ্ভৰ প্ৰায় ৪,৩৪০ মিটাৰ অর্থাৎ ৪.৩৪ কিল 'মিটাৰ গভীৰতাত হাইড্ৰ'কাৰ্বন সম্পদৰ উপস্থিতিৰ সম্ভাৱনা চিনাক্ত কৰা হৈছে। এই তথ্য পোহৰলৈ অহাৰ পাছতে ধেমাজি জিলাৰ জোনাইৰ বিস্তৃর্ণ অঞ্চলত ভৱিষ্যতে হাইড্ৰ'কাৰ্বন সম্পদৰ অধিক অনুসন্ধান আৰু সম্ভাব্য উত্তোলনক লৈ বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ দৰে প্ৰাকৃতিক সম্পদৰ সম্ভাৱনা থাকিব পাৰে নেকি, সেই বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। 

ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান আৰু উত্তোলনৰ দীর্ঘদিনীয়া ইতিহাস আছে। সেই পৰিপ্ৰেক্ষিতত কবু চাপৰি অঞ্চলত হাইড্ৰ'কাৰ্বনৰ সম্ভাৱনাৰ কথা পোহৰলৈ অহাটোৱে অঞ্চলটোৰ অৰ্থনৈতিক সম্ভাৱনাৰ লগতে পৰিৱেশ আৰু স্থানীয় লোকৰ স্বাৰ্থৰ বিষয়টোও সমান্তৰালভাৱে চৰ্চালৈ আনিছে। অৱশ্যে কবু চাপৰিত পোৱা বুলি দাবী কৰা হাইড্ৰ'কাৰ্বনৰ সঠিক পৰিমাণ, সম্পদৰ বাণিজ্যিক মূল্য, উত্তোলনৰ উপযোগিতা আৰু বৰ্তমান অনুসন্ধানৰ সঠিক পর্যায় সম্পৰ্কে সকলো তথ্য চৰকাৰীভাৱে স্পষ্ট হোৱা নাই। সেয়েহে এই দাবীৰ প্ৰামাণিকতা, ভূগর্ভস্থ সম্পদৰ পৰিমাণ - আৰু বাণিজ্যিকভাৱে উত্তোলন সম্ভৱ হয় নে নহয়, সেই বিষয়সমূহ সংশ্লিষ্ট চৰকাৰী সংস্থা আৰু তেল-গেছ খণ্ডৰ কৰ্তৃপক্ষৰ তথ্যৰ জৰিয়তে নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। ইফালে, ভৱিষ্যতে কবু চাপৰিৰ ভূগৰ্ভত হাইড্র'কার্বন আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ পাছত যদি খনন বা খাৰুৱা তেল উত্তোলনৰ কাম আৰম্ভ কৰা হয়, তেন্তে পৰিৱেশ আৰু জৈৱ-বৈচিত্র্যৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিয়াৰ আহ্বান জনাইছে জোনাইৰ একাংশ প্রকৃতিপ্রেমীয়ে। 


প্রস্তাৱিত পবা বন্যপ্রাণী অভয়াৰণ্য, অৰুণাচল প্ৰদেশৰ ডি ইৰিং বন্যপ্রাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে সংবেদনশীল প্রাকৃতিক অঞ্চলসমূহৰ ওপৰত যাতে সম্ভাব্য হাইড্ৰ'কার্বন অনুসন্ধান বা ভৱিষ্যতৰ খনন কাৰ্যৰ কোনো নেতিবাচক প্রভাৱ নপৰে, সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান জনাইছে। প্রকৃতিপ্রেমীসকলৰ মতে, অঞ্চলটোত যদি ভৱিষ্যতে ভূগর্ভস্থ সম্পদৰ বাণিজ্যিক অনুসন্ধান বা উত্তোলনৰ কাৰ্য আৰম্ভ হয়, তেন্তে তাৰ পূৰ্বে পৰিৱেশগত প্রভাৱৰ সমীক্ষা, নদীৰ স্বাভাৱিক গতিপথ, বনাঞ্চল, বন্যপ্রাণী আৰু স্থানীয় জনজীৱনৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰাটো প্রয়োজনীয়। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ নদীদ্বীপ আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলত বসবাস কৰা স্থানীয় লোকসকলৰ জীৱিকা, কৃষিভূমি আৰু প্ৰাকৃতিক পৰিৱেশ যাতে কোনো কাৰণতে ক্ষতিগ্রস্ত নহয়, সেই দিশটোও গুৰুত্বসহকাৰে বিবেচনা কৰাৰ দাবী উঠিছে। 

এতিয়া কবু চাপৰিৰ ভূগৰ্ভত প্ৰকৃততে কিমান পৰিমাণৰ হাইড্র'কার্বন আছে, সেই সম্পদ উত্তোলনযোগ্য হয় নে নহয় আৰু ইয়াক লৈ চৰকাৰ তথা সংশ্লিষ্ট তেল-গেছ প্রতিষ্ঠানৰ পৰৱৰ্তী পদক্ষেপ কি হয়, সেই বিষয়টোকলৈ অঞ্চলবাসীৰ লগতে বিভিন্ন মহলৰ দৃষ্টি নিবদ্ধ হৈছে।

Share This