দেশত ৬ কোটি মৃতকৰ আধাৰ কাৰ্ড সক্ৰিয়, পশ্চিম বংগত ৩৪ লাখ আধাৰধাৰী জীৱিত নহয়

dainik janambhumi November 14, 2025

ডিজিটেল ডেস্ক : ভাৰতত ২০০৯ চনত আধাৰ কার্ড বলৱৎ হোৱাৰ পৰা ১৫ বছৰ হ'ল। এই ১৫ বছৰত ১৪২ কোটিতকৈ অধিক আধাৰ কার্ড জাৰি কৰা হৈছে। কিন্তু এই সময়ছোৱাত আধাৰ কার্ড থকা ৮ কোটিতকৈ অধিক লোকৰ মৃত্যু হোৱা সত্ত্বেও মাত্র ১৬৩ কোটি কার্ডহে নিষ্ক্রিয় হৈছে। প্রায় ৬ কোটি মৃতকৰ আধাৰ কার্ড এতিয়াও সক্রিয় হৈ আছে। পশ্চিম বংগতে মৃত্যু হৈছে আধাৰ কার্ড থকা প্রায় ৩৪ লাখ লোকৰ। কিন্তু এইবোৰ আধাৰ কাৰ্ড এতিয়াও সক্রিয় হৈ আছে।

এইবোৰৰ পৰা বেংক জালিয়াতি, ভুৱা একাউণ্ট খোলা আৰু চৰকাৰী আঁচনিৰ লাভ গ্রহণ কৰাৰ দৰে কাম হোৱাৰ আশংকা বৃদ্ধি পাইছে। ইউনিক আইডেন্টিফিকেশ্যন অর্থৰিটি অব ইন্ডিয়াৰ (ইউ আই ডি এ আই) মুখ্য কার্যবাহী বিষয়া ভুৱনেশ কুমাৰৰ মতে ভাৰতৰ মহাপঞ্জীয়কৰ (আৰ জি আই) পৰা এতিয়ালৈকে ইউ আই ডি এ আই-এ ১.৫৫ কোটি মৃতকৰ তথ্য লাভ কৰিছে। ২০২৪ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰলৈকে আৰু ৩৮ লাখ মৃতকৰ তালিকা পাইছে। ইয়াৰে ১.১৭ কোটিৰ পৰিচয়ৰ সত্যাসত্য পৰীক্ষা কৰি তেওঁলোকৰ আধাৰ কার্ড নিষ্ক্রিয় কৰা হৈছে।

ইউ আই ডি এ আইৰ অনুমান মতে ২ ডিচেম্বৰৰ ভিতৰত ২ কোটি আধাৰ কার্ড নিষ্ক্রিয় হ'ব। ইউ আই ডি এ আই চাৰি মাহৰ পূর্বে ৱেবছাইটত মৃত্যৰ বিষয়ে জনোৱা পর্টেল আৰম্ভ কৰিছিল, যাতে পৰিয়ালৰ লোকে মৃতকৰ আধাৰ অনলাইন নিষ্ক্রিয় কৰিব পাৰে।

Share This