ডি আৰ কংগোত দুমাহত ৬০০জনৰ মৃত্যু, আফ্ৰিকাত ইব'লাই ধাৰণ কৰিছে মহামাৰীৰ ৰূপ

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : আফ্রিকা মহাদেশত ইব'লাৰ সংক্রমনে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ গনতান্ত্রিক প্রজাতন্ত্র কংগোত (ডি আৰ কংগো) এই মহামাৰীৰ সংক্ৰমনত বর্তমানলৈকে প্রায় ৬০০ জন লোকৰ মৃত্যু হৈছে। 

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এই তথ্য প্রকাশ পাইছে। প্রতিবেদনত প্রাকাশ পোৱা অনুসৰি ইব'লাত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা মাত্র ৩ দিনৰ ভিতৰতে ৫০০ ৰ পৰা গৈ ৬০০ হ'লগৈ। স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে যে মে'ৰ মাজভাগত এই ৰোগৰ সংক্রমণ বৃদ্ধিৰ কথা ধৰা পৰাৰ পৰা বর্তমানলৈকে ডি আৰ কংগোত ১,৭৫৯ জনৰ দেহত এই ৰোগৰ ভাইৰাছ ধৰা পৰিছে। তদুপৰি দেশখনত মৃত্যুৰ সংখ্যাইও ছয় শতাধিক হ'লগৈ। 

ইফালে ডি আৰ কংগোৰ দাঁতিকাষৰীয়া উগাণ্ডাতো বর্তমানলৈকে ২ জন লোকৰ মৃত্যু হৈছে। ডি আৰ কংগোত বৰ্তমানলৈকে এই ৰোগত আক্রান্ত ২৮৫ জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে উগাণ্ডাত ২০ জনৰ ভিতৰত ১৭ জন সুস্থ হৈছে।

Share This