ডিজিটেল ডেস্ক: ব্রিটেইনৰ ব্রিষ্টল সংগ্রহালয়ত ২৫ ছেপ্টেম্বৰত প্ৰায় ৬০০ অতি মূল্যৱান সামগ্ৰী চোৰে চুৰি কৰি নিয়ে। এই সামগ্ৰীসমূহৰ ভিতৰত কেইবাপদো মূল্যৱান ভাৰতীয় শিল্প-সামগ্রীও আছিল।
বৃহস্পতিবাৰে চুৰিকাণ্ডটোৰ চি চি টিভি ফুটেজ ৰাজহুৱা কৰি ব্ৰিটিছ আৰক্ষীয়ে এই তথ্য প্রকাশ কৰে। ২৫ ছেপ্টেম্বৰৰ মাজনিশা ২ বজাত কুম্বাৰলেণ্ড পথেৰে সংগ্ৰহালয়ত প্ৰৱেশ কৰা চোৰকেইটাই হাতী দাঁতৰ বুদ্ধ মূর্তি, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াৰ কঁকালত মৰা বেল্টৰ বকলেছ (বাকলছ), আ-অলংকাৰ, সোণৰ মেডেল আদি বিভিন্ন সামগ্রী লগত লৈ যায়। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ব্ৰিটিছ আৰক্ষীয়ে।