৬ অসমীয়াসহ এছিয়ান  গেমছত খেলিব ৬৩৪ ভাৰতীয়ই

Jyoti Borah August 26, 2023

 ডিজিটেল ডেস্কঃ আসন্ন হাংঝৌ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৬৩৪গৰাকী ক্ৰীড়াবিদে৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰ্যালয়ৰ পৰা অৱশ্যে দুই শতাধিক খেলুৱৈয়ে পাৰপত্ৰ নাপালে৷ এইবাৰৰ এছিয়ান গেমছত বৃহৎ দল হ’ব এথ্‌লেটিকছ৷ আনহাতে দ্বিতীয় বৃহত্তম দল হৈছে ফুটবল৷ অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত ভাৰতে এছিয়ান গেমছৰ ফুটবলত অংশগ্ৰহণ অনিশ্চিত হৈ আছিল৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰাৰ পাছতহে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ে অনুমোদন দিয়ে৷ পুৰুষ আৰু মহিলা মিলি মুঠ ৪৪গৰাকী ফুটবলাৰে চীনলৈ যাব৷ ভাৰতীয় অলম্পিক সংস্থাই এছিয়ান গেমছৰ বাবে ৮৫০গৰাকী ক্ৰীড়াবিদৰ নাম প্ৰেৰণ কৰিছিল যদিও ইয়াৰে ৬৩৪ গৰাকীকহে অনুমোদন জনায় কেন্দ্ৰীয় চৰকাৰে৷ ২১৬গৰাকী খেলুৱৈয়ে অনুমোদন নাপালে৷ মুঠ ৩৮টা ইভেণ্টত ভাৰতে অংশ ল’ব৷ সবাতোকৈ বৃহৎ এথলেটিকছত ৬৫গৰাকী খেলুৱৈ আছে৷ ইয়াৰ ৩৪গৰাকী পুৰুষ আৰু ৩১গৰাকী মহিলা৷ দ্বিতীয় স্থানত আছে ফুটবল৷ তৃতীয় বৃহত্তম দল হকীত পুৰুষ আৰু মহিলা মিলি ৩৬গৰাকী খেলুৱৈয়ে অংশ ল’ব৷ ইফালে, অসমৰ পৰা ৬গৰাকী খেলুৱৈয়ে হাংঝৌত নিজৰ দক্ষতা প্ৰমাণৰ বাবে সুযোগ পাব৷ অসমৰ খেলুৱৈকেইগৰাকী হৈছে বক্সিঙত শিৱ থাপা আৰু লাভলীনা বৰগোহাঁই, বেডমিণ্টনত অস্মিতা চলিহা, ছেপাক টাকৰ’ৰ এ প্ৰিয়া দেৱী, সাঁতোৰত শিৱাংগী শৰ্মা আৰু ক্ৰিকেটাৰ উমা চেত্ৰী৷

Share This