৭.৪ প্রাবল্যৰ ভূমিকম্পই কঁপালে জাপান

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক : উত্তৰ জাপানক সোমবাৰে এটা বিধ্বংসী ভূমিকম্পই কঁপাই যায়। ৰিখটাৰ স্কেলত ৭.৪ প্রাবল্যৰ ভূমিকম্পটোৰ ফলত ৮০ চেন্টিমিটাৰ (৩১ ইঞ্চি) উচ্চতাৰ ছুনামিৰো সৃষ্টি হয়। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দিনৰ ৪.৫৩ বজাত উত্তৰ জাপানৰ উপকূলীয় ইৱাটে প্রান্তত এই ভূমিকম্পৰ জোকাৰনি অনুভূত হয়। 

ভূমিকম্পৰ প্রাবল্য ইমানেই বেছি আছিল যে ১০০ কিল'মিটাৰতকৈও অধিক দূৰত্বত থকা ৰাজধানী টকিঅ'ৰ ওখ ভৱনসমূহো কঁপি উঠে। ভূমিকম্পৰ প্ৰায় ৪০ মিনিট পাছত ইৱাটেৰ কুজি বন্দৰক ৮০ চেন্টিমিটাৰ উচ্চতাৰ‌ ছুনামিয়ে কোবাই যায়। বতৰ বিজ্ঞান কেন্দ্রই অঞ্চলটোত আৰু অধিক ভূমিকম্প অহাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে ৩ মিটাৰ পৰ্যন্ত ছুনামি অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে। 

অঞ্চলটোৰ ই ৱাটেকে ধৰি পাঁচটা স্থানত থকা প্ৰায় ডেৰ লক্ষাধিক লোকক উদ্ধাৰৰ বাবে দেশখনৰ দুর্যোগ প্রশমন ব্যৱস্থাপনা কার্যালয়ে কাম আৰম্ভকৰিছে। অৱশ্যে, দুর্যোগত ক্ষয়-ক্ষতিৰ তথ্য এতিয়ালৈ প্রকাশ পোৱা নাই। উল্লেখযোগ্য যে জাপান হৈছে বিশ্বৰ অন্যতম ভূমিকম্পপ্ৰৱণ অঞ্চল।

Share This