ফিলিপাইনত ৭.৮ প্রাবল্যৰ প্ৰবল ভূঁইকঁপ, নিহত ৩৫

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক: ফিলিপাইনত কালি হোৱা প্রবল ভূমিকম্পত কমেও ৩২জন লোক নিহত আৰু দুই শতাধিক লোক আহত হয়। ৰিষ্টাৰ স্কেলত বিধ্বংসী ভূমিকম্পটোৰ প্রাবল্য ৭.৮ আছিল। দেশখনৰ দক্ষিণ অংশত হোৱা ভূমিকম্পত মাত্র কেই ছেকেণ্ডমানৰ ভিতৰেত ভালেমান ঘৰ ভাগি পৰে। ইয়াৰ ভিতৰত স্কুলৰ ভৱনো আছে। 

বাতৰি প্রতিষ্ঠান এ এফ পিয়ে ভুমিকম্পত ৩৫জন লোক নিহত হোৱা বুলি নিশ্চিত কৰে। ভাৰতীয় সময়মতে পুৱা ৫.০৭ বজাত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ মিণ্ডানাও দ্বীপৰ কাষৰ সমুদ্রত আছিল। অভিকেন্দ্ৰটো সাৰংগানী প্রদেশৰ মাছিম অঞ্চলৰ পৰা প্ৰায় ৩২ কিল'মিটাৰ দক্ষিণ-পশ্চিমে প্রায় ৩৩ কিল'মিটাৰ গভীৰতাত আছিল। ইয়াৰ ফলত সাগৰত প্ৰায় ৪.৬ ফুটৰ ছুনামিৰো সৃষ্টি হয়। ইফালে, ফিলিপাইনৰ জ্বালামুখী আৰু ভূকম্পন বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে, প্রবল ভূমিকম্পটোৰ পাছত স্থানীয় সময় মতে পুৱা ১১ বজালৈকে ১৩৮টা জোকাৰণি অনুভূত হয়। এই জোকাৰণিবোৰৰ প্রাবল্য ১.৩-৬.৭ আছিল। 

ভূমিকম্পত আটাইতকৈ বেছি ক্ষতি হয় প্রায় সাত লাখ জনসংখ্যাৰ জেনেৰেল চেণ্টোছত। ইয়াক কেইবাটাও ঘৰ ধ্বংস হোৱাৰ লগতে ভালেমান ঘৰত ফাট মেলে আৰু কিছুমান আংশিকভাৱে বহি যায়। এখন দলঙৰো ক্ষতি হোৱা বুলি জনা গৈছে। মহানগৰখনত কমেও সাতজন লোক নিহত আৰু প্রায় ২৯৬জন লোক আহত হয়। দক্ষিণ কোটাবাটো, দাবাও এক্সিডেন্টেল আৰু বালুত দ্বীপসহ দক্ষিণৰ আন অঞ্চলবোৰত কমেও ৯জন লোক নিহত হয়। জেনেৰেল ছেণ্টোছত এটা দুমহলীয়া স্কুল ভৱন ধ্বংসপ্রাপ্ত হয়। ইয়াক সাহায্য আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে। ভৱনটোৰক ধ্বংসস্তূপৰ তলত কেইজনমান ছাত্র আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। 

উল্লেখযোগ্য যে গৰমৰ বন্ধৰ পাছত কালিৰ পৰা দেশখনৰ স্কুলসমূহ পুনৰ খোলা হৈছিল। দেশখনৰ দক্ষিণ অঞ্চলৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, কালি পুৱা পতাকা উত্তোলন কৰা শতাধিক ছাত্রী সামান্যৰূপে আহত হয় আৰু একাংশ সংজ্ঞাহীন হৈ পৰে। ফিলিপাইনৰ ৰাষ্ট্ৰপতি জুনিয়ৰ ফার্ডিনেণ্ড মার্কোছে সকলো চৰকাৰী সংস্থা তথা প্রতিষ্ঠানত শীঘ্রে উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰাৰ নির্দেশ দিয়ে। ভূমিকম্পৰ জোকাৰণি ইণ্ডোনেছিয়াতো অনুভূত হয়।

Share This