ডিজিটেল ডেস্ক: পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্রক্রিয়াত নাম কর্তন হোৱা ভোটাৰৰ এটা দলে ৰাজ্যখনৰ মালদা জিলাত বুধবাৰে বিয়লিৰ পৰা এছ আই আৰু প্ৰক্ৰিয়াত জড়িত ৭গৰাকী ন্যায়িক বিষয়াক ঘেৰাও কৰি ৰাখিছিল।
মালদা জিলাৰ কালিয়াচক এলেকাত ভোটাৰ তালিকাৰ পৰা বাদ পৰা লোকৰ এটা দলে তিনিগৰাকী মহিলা বিষয়াসহ ৭গৰাকী ন্যায়িক বিষয়াক এলেকাটোত জোৰ-জবৰদস্তি কৰি আবদ্ধ কৰি ৰাখে। এই ঘটনাৰ বিষয়ে আবগত হৈ মাজনিশা প্রায় ১ বজাত আৰক্ষীৰ এটা দল আৰু অর্ধসামৰিক বাহিনীৰ লোকে প্রতিবাদকাৰীসকলক ছত্রভংগ দিয়াই আবদ্ধ ন্যায়িক বিষয়াকেইগৰাকীক উদ্ধাৰ কৰি নিৰাপদ ঠাইলৈ লৈ যায়।
উল্লেখযোগ্য যে ৰাজ্যখনত নিৰ্বাচনৰ পূর্বে বিচাৰাধীন হৈ থকা ভোটাৰৰ নামবোৰৰ ক্ষেত্ৰত সমাধান উলিয়াবলৈ ন্যায়িক বিষয়াসকল দিনে-নিশাই ব্যস্ত হৈ আছে। ইফালে, ভোটাৰ তালিকাৰ পৰা নাম কর্তন হোৱা লোকসকলে বুধবাৰে মালদাত ব্যাপক প্রতিবাদ সাব্যস্ত কৰে। ৰাজপথত গাড়ী-মটৰৰ যাতায়াত ব্যাহত কৰে প্রতিবাদকাৰীয়ে আৰু কেইবাঘণ্টা ধৰি ন্যায়িক বিষয়াকেইজনক আবদ্ধ কৰি বাখে। আনহাতে, ন্যায়িক বিষয়াকেইজনৰ বাহনলৈ শিলগুটি দলিয়াই বাহনকেইখনত আক্রমণ কৰে উন্মত্ত প্রতিবাদকাৰীয়ে। আৰক্ষীয়ে নিৰাপত্তা দি ন্যায়িক বিষয়াসকলক নিৰাপদ ঠাইলৈ লৈ যোৱাৰ সময়তো বাহনলৈ শিলগুটি দলিয়ায় প্রতিবাদকাৰীয়ে। এই ঘটনাৰ পাছতে নির্বাচন আয়োগে পশ্চিম বংগ আৰক্ষীৰ সঞ্চালক প্রধানৰ পৰা মালদাৰ পৰিস্থিতিৰ বিষয়ত এখন প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে। আনহাতে, এই ঘটনাৰ পাছত নির্বাচনমুখী পশ্চিম বংগৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।
কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ নেতা সুকান্ত মজুমদাৰে অভিযোগ কৰে যে শাসক তৃণমূল কংগ্রেছৰ (টি এম চি) নেতাসকলে এছ আই আৰৰ বিষয়ত নির্বাচন আয়োগৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰাৰ ফলতেই এছ আই আৰত নিয়োজিত ন্যায়িক বিষয়াসকলে এই অপ্রীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল। ইতিমধ্যে কেইবাখনো ৰাজ্যত এছ আই আৰ প্রক্রিয়া সুচাৰুৰূপে অন্ত পৰিল, কিন্তু পশ্চিম বংগতহে শাসক টি এম চিৰ বাবে এই এছ আই আৰত ব্যাঘাত জন্মাইছে বুলি বিজেপিৰ নেতাজনে অভিযোগ কৰে। ইফালে, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কয় যে পশ্চিম বংগত টি এম চিয়ে গুণ্ডাৰাজ চলাইছে আৰু সেইবাবে জনতাক উচটনি দি এছ আই আৰ প্রক্রিয়াত ব্যাঘাত জন্মাবলৈ বিচাৰিছে। আনহাতে, আজিও মালদা জিলাত মুছলমান সম্প্রদায়ৰ লোকে প্রতিবাদ অব্যাহত ৰাখে। ভোটাৰ তালিকাৰ পৰা বাদ পৰাসকলে ১২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে। ইফালে, কালি জিলাখনত অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। লক্ষণীয়ভাৱে কালি এই প্রতিবাদ জলপাইগুৰি আৰু কোচবিহাৰলৈও বিয়পি পৰে। প্রতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে।
উল্লেখযোগ্য যে অহা ২৩ এপ্রিলত মালদা, জলপাইগুৰি, কোচবিহাৰ আৰু পূব বর্ধমানত নির্বাচন অনুষ্ঠিত কৰা হ'ব আনহাতে, বিজেপিৰ সাংসদ বাসুৰী স্বৰাজে কয় যে বুধবাৰৰ ঘটনাটোত গণতন্ত্রক হত্যা কৰা হৈছে। পশ্চিম বংগত নৈৰাজ্যবাদ চলিছে বুলি স্বৰাজে কয়। ইফালে, উচ্চতম ন্যায়ালয়ে এই সন্দর্ভত উদ্বেগ প্রকাশ কৰে। মুখ্য ন্যায়াধীশ সূর্য কান্তে বৃহস্পতিবাৰে কয় যে ন্যায়িক বিষয়াসকলক এনেদৰে আবদ্ধ কৰি ৰখাটোৱে উচ্চতম ন্যায়ালয়ৰ কর্তৃপক্ষক প্রত্যাহ্বান জনোৱাৰ দৰে হৈছে। ভোটাৰ তালিকাৰ পৰা নাম কর্তন হোৱাৰ বিষয়ত হতাশ হৈ জনতাই এনেদৰে ন্যায়িক বিষয়াক আক্রমণ কৰাটো পূর্ব পৰিকল্পিত আৰু অভিপ্রায়মূলক। সর্বোচ্চ আদালতে কয় যে পশ্চিম বংগ হৈছে দেশৰ আইতকৈ ধর্মীয় মেৰুকৰণ হোৱা ৰাজ্য। উচ্চতম ন্যায়ালয়ে এই ঘটনাটো চি বি আই অথবা নিয়াৰ জৰিয়তে তদন্ত কৰোৱাবলৈ নির্বাচন আয়োগক নির্দেশ দিয়ে আৰু উচ্চতম ন্যায়ালয়ে এই তদন্ত প্রক্রিয়া নিৰীক্ষণ কৰিব বুলি কয়। ইফালে, মালদাৰ ঘটনাক লৈ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে প্রতিক্রিয়া প্রকাশ কৰিছে। টি এম চিৰ মুৰব্বীগৰাকীয়ে কয়, 'এই ঘটনাৰ বাবে কোন জগৰীয়া মই নাজানো। কোনেও মোক ঘটনাটোৰ বিষয়ত অৱগত কৰা নাই। ৰাজ্যখনৰ প্রশাসন এতিয়া মোৰ হাতত নাই। নির্বাচন আচৰণ বিধি ঘোষণা হোৱাৰ পাছতেই ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ দায়িত্ব লৈছে নির্বাচন আয়োগে। নির্বাচন আয়োগে গৃহ মন্ত্রী অমিত শ্বাহৰ কথাহে শুনে। মোৰ ক্ষমতা নির্বাচন আয়োগলৈ হস্তান্তৰিত কৰা হৈছে। এতিয়া পশ্চিম বংগত 'ছুপাৰ' ৰাষ্ট্রপতিৰ শাসন চলিছে।'
মুর্শিদাবাদ জিলাত নির্বাচনী প্রচাৰ চলাই থাকোঁতে এজন সাংবাদিকে ফ'নযোগে ঘটনাটোৰ বিষয়ত তেওঁক অৱগত কৰিছিল বুলি মুখ্যমন্ত্রী মমতাই কয়। আনহাতে, মমতা বেনার্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে পশ্চিম বংগত নির্বাচন বন্ধ কৰি ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ ষড়যন্ত্র চলাইছে। নির্বাচনৰ পূৰ্বে বিজেপিয়ে নির্বাচন আয়োগৰ সহায়ত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি কৰিব খুজিছে বুলি মমতাই অভিযোগ কৰে