ডিজিটেল ডেস্কঃ মণিপুৰত যোৱা দুদিনত কুকি নেশ্যনেল আর্মি (কে এন এ)ৰ ৭টা সন্দেহযুক্ত উগ্রপন্থীকে ধৰি ১১টা উগ্রপন্থীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে দেওবাৰে এই কথা কয়। সন্দেহযুক্ত কে এন এৰ উগ্রপন্থীকেইটাক শুকুৰবাৰে চূড়াচান্দপুৰৰ পুৰণি ধাউকুৱাল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখযোগ্য যে কে এন এ উগ্রবাদী গোটে বিতর্কিত অভিযান নিষিদ্ধ চুক্তি (এছ অ' এছ) স্বাক্ষৰ কৰিছে। ইফালে, শনিবাৰে ইম্ফল ইষ্ট জিলাৰ হুইকাপ গাঁৱত চলা এটা তালাচীত মেইটেই উগ্রপন্থী গোট কাঙলেই পাক কমিউনিষ্ট পার্টি (পীপলছ ৱাৰ গ্ৰুপ)ৰ ৪জন সদস্যক গ্রেপ্তাৰ কৰা হয়।
ইয়াৰ ভিতৰত দুগৰাকী মহিলাও আছে। উগ্রপন্থীকেইটাৰ পৰা দুটা এ কে ৰাইফল, পিষ্টল-বাৰুদ, আপত্তিজনক নথি-পত্ৰও জব্দ কৰা হয় বুলি আৰক্ষীয়ে কয়।
সংঘর্ষজৰ্জৰ মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ হোৱাৰ পাছৰে পৰাই নিৰাপত্তা বাহিনীসমূহে ৰাজ্যজুৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। গাঁওৰক্ষী স্বেচ্ছাসেৱক বুলি দাবী কৰা লোকসকলৰ হাতত যাতে অস্ত্র-শস্ত্ৰ নাথাকে তাৰ বাবেও নিৰাপত্তা বাহিনীসমূহে অভিযান চলাই আছে।