আৰব সাগৰত সাঁতুৰি ৭ বছৰীয়া অসম সন্তানৰ অভিলেখ,

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক: ভাৰতৰ অন্যতম প্রত্যাহ্বানমূলক আৰু ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত আৰব সাগৰত বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে অভিলেখ সৃষ্টি কৰিলে অসমৰ কণমানি কিউচেংহান ফুকনে। 

৭ বছৰীয়া কিউচেংহান ফুকনে বুধবাৰে মহাৰাষ্ট্ৰৰ আৰব সাগৰত ভয়ংকৰ সাগৰীয় পথ হিচাপে জনাজাত এলিফেন্টা দ্বীপৰ পৰা মুম্বাইৰ গে'টৱে অব্ ইণ্ডিয়ালৈকে সাঁতুৰি ইতিহাস ৰচনা কৰে। মাত্র ৩ ঘণ্টা ২৯ মিনিটতে তীব্র প্রত্যাহ্বানপূর্ণ এই পথছোৱা সাঁতুৰি কণমানি কিউচেংহানে সকলোকে আচৰিত কৰে। তেওঁ উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ হিচাপে এই পথছোৱা সাঁতুৰি সমগ্ৰ অসমকে গৌৰৱান্বিত কৰি তোলে। 

কিউচেংহানে এলিফেন্টা দ্বীপৰ পৰা দুপৰীয়া ২-৩৬ বজাত সাঁতুৰিবলৈ আৰম্ভ কৰি সন্ধিয়া ৬-০৫ বজাত মুঠ ১২ কিল'মিটাৰ পথ অতিক্ৰম কৰি গে'টৱে অব্ ইণ্ডিয়াত উপস্থিত হয়। চৰাইদেউ জিলাৰ চেপনৰ হলৌগুৰিৰ বাসিন্দা হেমাংগ ফুকন আৰু ৰিমলী হাজৰিকা ফুকনৰ কন্যা কিউচেংহান পৰিয়ালসহ সম্প্ৰতি গুৱাহাটীৰ ছয়মাইলত বাস কৰে। 

গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰী বৰুৱা ক্রীড়া প্ৰকল্পৰ ড° জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত বাবুল গুৰুঙৰ তত্ত্বাৱধানত সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কিউচেংহানৰ এই কৃতিত্বত অসম সাঁতোৰ সন্থা উৎফুল্লিত হৈ পৰিছে। সন্থাৰ সম্পাদক ভাস্কৰ দাসে কিউচেংহানক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে। 

ইফালে কিউচেংহানৰ এই অভিলেখৰ বাবে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গার্লোচায়ো সামাজিক মাধ্যমৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কিউচেংহানৰ ফটোও সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

Share This