ডিজিটেল ডেস্ক: কেৰালা বিধানসভাৰ ৭০% বিধায়কৰ বিৰুদ্ধেই ৰুজু হৈ আছে অপৰাধমূলক গোচৰ। আনহাতে, ৰাজ্যখনৰ আধাতকৈও বেছি বিধায়ক হৈছে কোটিপতি। এই তথ্য প্রাকশ পাইছে এছ'চিয়েশ্যন ফৰ ডেম'ক্রেটিক ৰিফৰ্মছ (এ ডি আৰ)ৰ তথ্যত।
সংস্থাটোৱে ৰাজ্যখনৰ ১৩২জন বিধায়কৰ শপতনামা পৰীক্ষা কৰাৰ পাছত প্ৰকাশ কৰা প্রতিবেদন অনুসৰি ৰাজ্যখনৰ ৯২জন বিধায়কৰ বিৰুদ্ধে চলি আছে অপৰাধমূলক গোচৰ। ইয়াৰ ভিতৰত ৩৩জন (২৫%) বিধায়কৰ বিৰুদ্ধ হত্যা, হত্যাৰ চেষ্টা আদিকে ধৰি গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈ আছে। তদুপৰি বলাৎকাৰকে ধৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰো আছে কেইবাজনো বিধায়কৰ বিৰুদ্ধে।
ৰাজ্যখনৰ চি পি আই (এম)ৰ ৫৮জন বিধায়কৰ ভিতৰত ৪৩জনৰ বিৰুদ্ধে, কংগ্ৰেছৰ ২১জনৰ ভিতৰত ১৯জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। আন অপৰাধৰ গোচৰ থকা বিধায়কৰ দলকেইটা হৈছে চি পি আই, আই ইউ এম এল। ইফালে, ৰাজ্যখনৰ ৭২জন বিধায়কেই হৈছে কোটিপতি।