ভাৰতত বছৰি ৭০ হাজাৰ শিশু আক্রান্ত হয় কেঞ্চাৰত

dainik janambhumi September 25, 2025

ডিজিটেল ডেস্ক : ভাৰতত প্রতি বছৰে প্ৰায় ৭০ হাজাৰ শিশু কেঞ্চাৰত আক্রান্ত হয়। ইয়াৰে একাংশ শিশুৰ কেঞ্চাৰ হোৱা বুলি সঠিক সময়ত ধৰা পেলোৱাৰ পাছত উপযুক্ত চিকিৎসাৰ জৰিয়তে সুস্থ হৈ উঠে। একাংশ শিশুৰ ৰোগ ধৰা পেলোৱাত পলম হোৱাৰ ফলত তেওঁলোকৰ জীৱন সংকটাপন্ন হৈ পৰে। দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠানৰ (এইমছ) পেডিয়াট্রিক

তথা অংকলজী বিভাগৰ অধ্যাপক ডাঃ ৰচনা শেঠে প্রকাশ কৰা মতে, আজিৰ পৰা দহ বছৰৰ আগতে কেঞ্চাৰ হোৱা শিশুসকলৰ ভিতৰত ৫০% তকৈ কম সংখ্যকহে বাচি থকাটো সম্ভৱ হৈছিল। কিন্তু এতিয়া প্রতি চাৰিটা শিশুৰ ভিতৰত তিনিটাই অর্থাৎ ৭৫% শিশুক চিকিৎসাৰ জৰিয়তে কেঞ্চাৰৰ পৰা বচাব পাৰি। কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে দিল্লীলৈ সর্বাধিক সংখ্যক শিশু আহে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা।

Share This