সংখ্যালঘু অধিকাৰ সংগঠনৰ প্ৰতিবেদন, বাংলাদেশত ছমাহত হিন্দুৰ বিৰুদ্ধে ধৰ্মীয় বিদ্বেষৰ ৭১টা আক্রমণ 

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক: বাংলাদেশত ২০২৫ চনৰ জুনৰ পৰা ডিচেম্বৰলৈ হিন্দু সংখ্যালঘু লোকৰ বিৰুদ্ধে ধর্মদ্বেষৰ অভিযোগৰ সৈতে জড়িত কমেও ৭১টা ঘটনা সংঘটিত হৈছে। হিউমেন ৰাইট্‌ছ কংগ্ৰেছ ফৰ বাংলাদেশ মাইনৰিটীজে (এইচ আৰ চি বি এম) প্রকাশ কৰা এখন নতুন প্রতিবেদনত এই কথা প্রকাশ পাইছে। 

প্রতিবেশী দেশখনত সংখ্যালঘুৰ বিৰুদ্ধে চলি থকা 'অবিৰত শতুৰালি'ৰ বাবে ভাৰত উদ্বিগ্ন হৈ থকাৰ সময়তে এই তথ্য প্রকাশ পাইছে। এইচ আৰ চি বি এমৰ এই প্রতিবেদনত ৰংপুৰ, চান্দপুৰ, চট্টগ্রাম, দিনাজপুৰ, লালমণিৰহাট, সুনমগঞ্জ, খুলনা, কোমিল্লা, গাজীপুৰ, টাংগাইল আৰু চিলেটকে ধৰি ৩০খন জিলাৰ ঘটনাৰ তথ্য লোৱা হৈছে। সংখ্যালঘুৰ অধিকাৰৰ বাবে যুঁজা সংগঠনটোৱে কয় যে এই ঘটনাবোৰ বৃদ্ধি পোৱা তথা ঘটনাৰ সাদৃশ্যই সংখ্যালঘুৰ বিৰুদ্ধে অভিযোগ অনাৰ এক প্রণালীবদ্ধ ষড়যন্ত্ৰৰ কথা উদঙাই দিয়ে। 

প্রতিবেদনখনৰ মতে ধৰ্মদ্বেষৰ অভিযোগৰ বাবে সঘনাই আৰক্ষীয়ে কাৰ্যব্যৱস্থা গ্রহণ, উন্মত্ত জনতাৰ দ্বাৰা হিংসাত্মক ঘটনা আৰু দলবদ্ধ শাস্তি দিয়াৰ ঘটনা সংঘটিত হয়। এনে অভিযোগৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, প্ৰতিবাদ হয়। ইয়াৰ ভিতৰত আটাইতকৈ হিংসাত্মক ঘটনাক্রম দেখা গৈছিল যোৱা ২৭ জুলাইত। ৰংপুৰৰ বেতগুৰি ইউনিয়নত ৰঞ্জন ৰয় (১৭) নামৰ এজনক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতে ২২টা হিন্দু পৰিয়ালৰ ঘৰ দুর্বৃত্তই লণ্ড-ভণ্ড কৰে। ইয়েই দেখুৱায় যে কোনো ব্যক্তিৰ অভিযুক্ত হোৱাৰ পাছতে কিদৰে সমগ্র সম্প্রদায়টোকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। প্রতিবেদনখনত আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ, এফ আই আৰ, উন্মত্ত জনতাৰ দ্বাৰা মাৰ-পিট, হিন্দুৰ ঘৰ লণ্ড-ভণ্ড, শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা বহিষ্কাৰ আৰু উন্মত্ত জনতাই আক্ৰমণ কৰাৰ পাছত মৃত্যু হোৱাকে ধৰি সামগ্রিকভাৱে ছমাহত সংঘটিত ৭১টা ঘটনাৰ কথা তালিকাভুক্ত কৰা হৈছে।

Share This