ডিজিটেল ডেস্ক : ভাৰতীয় নৌ সেনাৰ শক্তি বৃদ্ধি কৰি শনিবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৭৫% থলুৱা প্ৰযুক্তিৰে নিৰ্মিত আই এন এছ মহেন্দ্ৰগিৰি যুঁজাৰু জাহাজখন মোতায়েন কৰে। ভাৰতীয় নৌসেনাৰ পূব জলভাগত ১৭-এ থলুৱা প্ৰযুক্তিৰ যুঁজাৰু জাহাজখনক কালি মোতায়েন কৰা হয়। আত্মনিৰ্ভৰ আৰু থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা প্ৰতিৰক্ষা সামগ্ৰীৰ দিশত আন এটা মাইলৰ খুঁটি স্থাপন কৰি ভাৰতে আন এখন যুঁজাৰু জাহাজ মোতায়েন কৰিলে।
উল্লেখযোগ্য যে আই এন এছ মহেন্দ্ৰগিৰিত শক্তিশালী ক্ষেপণাস্ত্র সংস্থাপন কৰিব পৰা যাব আৰু ই বিশ্বৰ দ্রুততম আৰু সবাতোকৈ মাৰাত্মক ক্রুজ মিছাইল হিচাপে পৰিগণিত হ'ব। বিশাখাপট্টনমৰ নৌ ঘাটিৰ মাটিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই যুঁজাৰু জাহাজখন নৌসেনাৰ বাবে মোতায়েন কৰে।
মাজাগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেডে নিৰ্মাণ কৰা এই যুঁজাৰু জাহাজখনত ৭৫% থলুৱা প্ৰযুক্তি আছে। এভান্সড ছেন্সৰ পদ্ধতি, ইলেক্ট্রনিক যুদ্ধ কৌশল পদ্ধতি আৰু ব্ৰহ্মছ ক্রুজ মিছাইল সংস্থাপন কৰিব পৰা বৈশিষ্ট্যসমূহ আছে এই মহেন্দ্ৰগিৰি যুঁজাৰু জাহাজত।