৮ হাজাৰ কৰ্মচাৰীক ছাটাই মেটাৰ

dainik janambhumi May 21, 2026

ডিজিটেল ডেস্ক : বুধবাৰে পুৱাই পুৱাই কৰ্মচাৰীসকললৈ আহিল এটা সৰল নির্দেশনা, আজি ৱৰ্ক ফ্রম হ'ম (ডব্লিউ এফ এইচ)। আমেৰিকা আৰু ব্রিটেইনসহ সমগ্ৰ দেশবোৰৰ অঞ্চলত থকা মেটাৰ কৰ্মচাৰীসকললৈ নিৰ্দেশনা জাবি কৰা হ'ল যে আপোনালোক সোঁশৰীৰে কাৰ্যালয়ত উপস্থিত থাকিব নালাগে। 

আপোনালোকে ঘৰৰ পৰাই কাৰ্য সম্পাদন কৰক (ৱৰ্ক ফ্রম হ'ম)। ইয়াৰ পাছতেই ই-মেইল অহা আৰম্ভ হ'ল। সামাজিক মাধ্যমৰ অগ্রণী প্লেটফর্ম মেটাই ইয়াৰ ৮০০০ কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰিছে। কোম্পানীটোৰ মুঠ গোলকীয় কৰ্মশক্তিৰ ১০% কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ প্ৰথম বাৰ্তাবোৰ আহে কোম্পানীটোৰ ছিংগাপুৰ হাবৰ পৰা। 

ব্লুমবার্গে প্রকাশ বাতৰি মতে, ছিংগাপুৰত থকা মেটাৰ কৰ্মচাৰীসকলে পুৱা ৪ বজাত (স্থানীয় সময়) (ভাৰতীয় সময়ত নিশা-১.৩০ বজা) কোম্পানীটোৰ তৰফৰ পৰা 'ৱৰ্ক ফ্ৰম হ'ম'ৰ জাননী লাভ কৰে আৰু কিছু সময়ৰ পাছতেই অধিকাংশই নিজৰ চাকৰি যোৱাৰ বাৰ্তা পায়।

Share This