৮৬ লাখ শিক্ষার্থীয়ে এৰিলে চৰকাৰী বিদ্যালয়

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক : দেশৰ চৰকাৰী শিক্ষা প্রতিষ্ঠানৰ মান ক্রমাৎ অৱক্ষয় হ'বলৈ ধৰিছে আৰু সেইবাবে শিক্ষার্থীসকলে চৰকাৰী বিদ্যালয় এৰি ব্যক্তিগত শিক্ষা প্রতিষ্ঠানত অধ্যয়ন কৰাটো বাছি লৈছে। যোৱা দুটা বছৰত ৮৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছে। ২০২৩-২৪ আৰু ২০২৫-২৬ বৰ্ষৰ মাজত চৰকাৰী বিদ্যালয়সমূহত লক্ষণীয়ভাবে নামভৰ্তিৰ সংখ্যা হ্রাস পাইছে। আনহাতে, অস্বীকৃতিপ্রাপ্ত ব্যক্তিগত বিদ্যালয়ত ৮৮ লাখ শিক্ষার্থীয়ে নতুনকৈ নামভৰ্তি কৰিছে। যোৱা মঙলবাৰে শিক্ষা মন্ত্রালয়ে প্রকাশ কৰা ২০২৩-২৪, ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ বাবে ইউ ডাইচ + এন ই পি শিক্ষা গাঁথনিৰ প্রতিবেদনৰ তথ্যত দেখুওৱা হৈছে যে ২০২৫-২৬ চনৰ প্ৰাথমিক স্তৰৰ পৰা মাধ্যমিক ঔৰলৈকে মুঠ নামভৰ্তিৰ সংখ্যা ২৪.৭ কোটি হৈছে। 

২০২৩-২৪ চনত মুঠ নামভৰ্তিৰ সংখ্যা আছিল ২৪.৭কোটি। তিনিটা বছৰত নামভৰ্তিৰ সংখ্যা ৮.৩ লাখ কমিছে। কিন্তু চৰকাৰী বিদ্যালয়সমূহত নামভর্তিৰ সংখ্যা ১২.৮ কোটিৰ পৰা ১১.৯ কোটিলৈ অৱনমিত হৈছে। ইফালে, ব্যক্তিগত বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা ৯ কোটিৰ পৰা ৯.৯ কোটিলৈ বৃদ্ধি হৈছে। দেশৰ চৰকাৰী বিদ্যালয়সমূহত বিভিন্ন সুবিধা আৰু আন্তঃগাঁথনি প্ৰদান কৰাৰ সময়তে শিক্ষার্থীৰ নামভৰ্তিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আহিছে। আনহাতে, স্তৰ অনুসৰি নামভৰ্তিৰ পদ্ধতি সলনি হৈছে। ২০২৩-২৪ আৰু ২০২৫ ২৬ চনৰ মাজত মাধ্যমিক স্তৰত নামভর্তি ৩১.৫ লাখ বৃদ্ধি হৈছে আৰু প্ৰাক্-প্রাথমিক স্তৰত নামভর্তি ৪২ লাখ হ্রাস হৈছে। প্রতিবেদন মতে, ২০২৩-২৪ চনত চৰকাৰী বিদ্যালয়ত ১২.৭৫ কোটি শিক্ষার্থীয়ে নামভর্তি কৰিছিল, কিন্তু ২০২৫-২৬ চনত ১১.৮৯ কোটি শিক্ষার্থীয়েহে চৰকাৰী বিদ্যালয়ত নামভর্তি কৰে। প্রায় ৮৬ লাখ শিক্ষার্থীয়ে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰাটো বাছি নল'লে। ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত বিদ্যালয়সমূহত শিক্ষার্থীৰ নামভৰ্তি ৯ কোটিৰ পৰা ৯.৮৯ কোটিলৈ বৃদ্ধি হৈছে। 

একে সময়তে ব্যক্তিগত বিদ্যালয়ত ৮৮ লাখ শিক্ষার্থী বৃদ্ধি হৈছে। এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈছে যে বৃহৎ সংখ্যক শিক্ষার্থীয়ে চৰকাৰী বিদ্যালয় এৰি ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰাটো বাছি লৈছে। চৰকাৰী শিক্ষা প্রতিষ্ঠানত আন্তঃগাঁথনিৰ উন্নয়ন কৰাৰ পাছতো শিক্ষার্থীয়ে চৰকাৰী বিদ্যালয় এৰি ব্যক্তিগত বিদ্যালয়লৈ ঢাপলি মেলাটো লক্ষণীয় হৈ পৰিছে।

Share This