জি এছ টি ফাকিৰে দিল্লীৰ পৰা ডিমাপুৰলৈ বৃহৎ ক'লা বজাৰঃ চাপাগুৰিত অভিযান, ৮০ লাখ টকাৰ গুটখা-পাণমছলা জব্দ

dainik janambhumi May 13, 2026

ডিজিটেল ডেস্ক: পাণমছলা, গুটখাৰ অবৈধ ব্যৱসায় চলিছে ৰাজ্যত। চৰকাৰক কোটি কোটি টকাৰ কৰ ফাকি দি চলি আছে এখন বৃহৎ ক'লা বজাৰ। একাংশ ব্যৱসায়ীয়ে বিভিন্ন পক্ষক মেনেজ কৰি দীৰ্ঘ দিনে চৰকাৰ আৰু বিভাগৰ লোকৰ চকুত ধূলি মাৰি কৰ ফাকিৰে চলাই গৈছে অবৈধ কাৰবাৰ। ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহতো চলি আছে এই ব্যৱসায়। এই অবৈধ তথা কৰ ফাকি সৰবৰাহ কৰিছে অসমৰ ৰাষ্ট্ৰীয় ঘাই পথৰ মাজেৰে। 

শনিবাৰে মাজনিশা চিৰাঙৰ চাপাগুৰিত জি এছ টি ফাকি দি দিল্লীৰ পৰা ডিমাপুৰলৈ কঢ়িয়াই নি থকা গুটখা- পাণমছলা তথা বিমল, পাণ চুপাৰি আদি কঢ়িওৱা এখন ট্রাক কৰ বিভাগৰ লোকে জব্দ কৰে। কৰ বিভাগৰ বিষয়াসকলে জব্দ কৰাৰ পাছতে দীর্ঘ দিনে চলাই থকা এখন বৃহৎ ক'লা বজাৰ পোহৰলৈ আহে। ই ৱে বিল নথকাকৈয়ে প্রায় ৮০ লাখ টকাৰ পাণমছলা এখন ট্ৰেইলাৰৰ সহায়েৰে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে কঢ়িয়াই নি থকা অৱস্থাত এক গোপন সূত্ৰৰ ভিত্তিত সামগ্ৰীখিনি জব্দ কৰে। 

শনিবাৰে মাজনিশা নিশা চিৰাঙৰ ছাপাগুৰিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰীখিনি জব্দ কৰে। জব্দ কৰি ট্ৰেইলাৰখন টুৱানী এণ্টাৰপ্ৰাইজৰ ব্যক্তিগত গুডামত ৰখাই থয়। বৃহৎ পৰিমাণৰ ৩১২ বস্তা বিমল পাণমছলা, গুটখা কঢ়িয়াই অনা আৰ জে ৩২ জে ডি ৩৮৯৪ নম্বৰৰ ট্ৰেইলাৰ ট্রাক এখনে দিল্লীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত চিৰাঙৰ চাপাগুৰিত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে। গুটখা-পাণমছলা কঢ়িয়াই অনা ট্রাকখন নগালেণ্ডৰ ডিমাপুৰলৈ গৈ থকা বুলি ট্ৰাকৰ চালকজনে জনায়। ইপিনে, জব্দ কৰা ট্রাকখন বিভাগৰ নিৰ্দিষ্ট এলেকা, কাৰ্যালয়, থানা, আৰক্ষী ছাউনী আদিত নথৈ ব্যাক্তিগত খণ্ডৰ ব্যাৱসায়িক প্রতিষ্ঠান এটাৰ ভিতৰত ৰখা কাৰ্যই আচৰিত কৰি তোলে। এই সংক্রান্তত একাংশ লোকে দেওবাৰে এই সন্দৰ্ভত বঙাইগাঁও জি এছ টি মাণ্ডলিক কাৰ্যালয়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে কোনো বাহন জব্দ কৰা নাই বুলি প্রকাশ কৰে। 

অভিযোগ মর্মে, গোপনে ট্রাকখন বিতৰক, মালিকৰ সৈতে মিতিৰালি কৰি এৰি দিয়াৰ নামত দৰ-দাম চলাৰো অভিযোগ উত্থাপন হৈছে। ট্রাকৰ চালকজনে জনোৱা মতে, ট্ৰাকৰ চাবি, যাৱতীয় নথি-পত্র আদি জি এছ টি বিষয়াৰ পৰিচয় দি লৈ যোৱা বুলি কয়। চিৰাঙৰ ছাপাগুৰিত জব্দ কৰা এই ট্রাকখনক চিৰাং আৰক্ষীৰ সলনি উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে নজৰত ৰখা কাৰ্যও ৰহস্যজনক হৈ পৰিছে। চিৰাং আৰক্ষীয়ে এই বিষয়ে একো নাজানে বুলি জানিবলৈ দিয়ে। সচেতন ৰাইজে প্রশ্ন কৰে যদিহে জি এছ টি বা বঙাইগাঁও আৰক্ষীয়ে জব্দ কৰিছে তেন্তে থানা বা জি এছ টি কাৰ্যালয়ত জব্দ কৰা ট্রাকখন নথৈ ব্যক্তিগত ব্যাৱসায়িক প্রতিষ্ঠানত কিয় ৰাখিছে সেয়া ৰহস্য হৈ পৰে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ট্রাকখন বঙাইগাঁও জি এছ টিৰ দলে জব্দ কৰাৰ পাছতে ধুবুৰীৰ চি জি এছ টি কাৰ্যালয়ৰ এগৰাকী উচ্চপদস্থ বিষয়াই গাড়ীখন এৰি দিবলৈ অনুৰোধ জনাইছিল আৰু আলোচনাৰ বাবে মধ্যস্থতাকাৰী লোকক প্ৰেৰণ কৰিছিল। একেদৰে ট্ৰাকখন মুকলি দিবলৈ এগৰাকী মন্ত্ৰীৰ মানুহ বুলি কৈও বিভাগক হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে। 

উক্ত অভিযোগ যদিহে হয় তেন্তে এই অবৈধ কৰ ফাকিৰ বৃহৎ ক'লা বজাৰখনত ৰাজ্যৰ মন্ত্ৰী, বিষয়া আদিৰ নেতৃত্বতে চলি থকা বুলি সন্দেহ কৰা হৈছে। চৰকাৰক কোটি কোটি টকা কৰ ফাকিৰে বেপাৰ চলাই থকা বৃহৎ গেংটোক কোনে নাকী লগাব সেয়াও ৰহস্য হৈ পৰিছে। চিৰাঙৰ ছাপাগুৰিত হোৱা এই ঘটনাৰ সংক্ৰান্তত আজি জি এছ টিৰ সহকাৰী অধ্যক্ষৰ পৰা জানিব পৰা মতে, দিল্লীৰ পৰা ডিমাপুৰলৈ কঢ়িয়াই নি থকা পাণমছলাৰ ট্ৰাকখন এক গোপন সূত্ৰৰ ভিত্তিত জব্দ কৰে। উক্ত ট্ৰাকৰ সামগ্ৰীৰ কোনো ই ৱে বিল নাছিল। সম্পূৰ্ণ কৰ ফাকি দি সামগ্ৰীসমূহ সৰবৰাহ কৰা বুলি কয়। ট্রাকখনৰ পৰা সামগ্ৰীসমূহ নমাই হিচাপ কৰাৰ লগতে বিভাগীয়ভাৱে পেনাল্টি ভৰিব লগা বুলি জনায়। প্রায় ১৫ লাখতকৈ অধিক ধন বিভাগক নীতি নিয়ম মতে জমা কৰিব লাগিব বুলি কয় আৰু সকলো কাম সম্পাদন হ'লেহে গাড়ীখন মুকলি কৰিব পাৰিব বুলি জনায়। 

ইপিনে, সংবাদ মাধ্যমৰ তৎপৰতা বৃদ্ধি হোৱাত গুৱাহাটীৰ পৰা জি এছ টি অধীক্ষকৰ কাৰ্যালয়ৰ পৰা বিষয়া জিৎজ্যোতি কলিতা, খালিদ বাছিম, অংশুৰাজ দাসসহ কেইবাজনো বিষয়াৰ দল এটাই আহি পাণমছলা, গুটখাভর্তি ট্রাকখন খালী কৰে আৰু ৩১২ বস্তা জর্দাসহ বিমল গুটখা পোৱা বুলি জনায়। বিষয়াসকলে যাৱতীয় নথি-পত্র তদন্ত কৰে আৰু বৃহৎ পৰিমাণৰ জি এছ টি ফাকি দিয়া বুলি জনায়।

Share This