ডিজিটেল ডেস্ক : বিশ্বৰ উষ্ণতা বৃদ্ধিৰ প্রভাৱ এতিয়া প্রায় সকলো স্থানতে দেখিবলৈ পোৱা গৈছে। আনকি পাহাৰীয়া অঞ্চলবোৰো ইয়াৰ পৰা হাত সাৰি যোৱা নাই। প্রায় দুই কোটি লোকৰ বাবে পানীৰ যোগান ধৰা হিন্দুকুশ হিমালয়ৰ পৰা গভীৰ সমুদ্রলৈকে পৃথিৱী গৰম হ'বলৈ ধৰিছে। শেহতীয়াকৈ চলোৱা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, হিমালয়ৰ হিমবাহসমূহ উদ্বেগজনকভাবে দ্রুত গতিত সংকুচিত হ'বলৈ ধৰিছে। বিজ্ঞানীসকলে কৰা এই অধ্যয়নটোৰ পৰা জানিব পৰা মতে হিমালয়ৰ হিমবাহসমূহ অবিৰত গলনৰ বাবে প্রতি দশকত গড়ে ৩০-৬০ মিটাৰ হাৰত সংকুচিত হৈছে। বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত উত্তৰাখণ্ডৰ উত্তৰকাশীত থকা প্ৰখ্যাত গংগোত্রী হিমবাহ প্রতি বছৰে ২৮-৩০ মিটাৰ হাৰত সংকুচিত হ'বলৈ ধৰিছে।
উল্লেখযোগ্য যে গংগোত্ৰী গংগা নদীৰ মূল উৎস। ১৯৩৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত গংগোত্ৰী প্রায় ১৭০০ মিটাৰ সংকুচিত হৈছে। যোৱা দুটা দশকত হিমবাহটোৰ বৰফ দুগুণ অধিক হাৰত গলিবলৈ ধৰিছে। ই হিমালয়ৰ পাৰিপাৰ্শ্বিক প্রণালী আৰু উত্তৰ ভাৰতৰ জল সুৰক্ষাৰ বাবে গুৰুতৰ ভাবুকিস্বৰূপ হৈ পৰিছে। ডেৰাডুনৰ বাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিয় 'লজীৰ বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা মতে, বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত হিমালয়ৰ হিমবাহসমূহৰ বৰফ ক্ষিপ্ৰ গতিত গলিবলৈ ধৰিছে। ছিকিম আৰু লাডাখৰ হিমাবাহসমূহক লৈ কৰা অধ্যয়নৰ পৰা জানিব পৰা মতে, উষ্ণতা বৃদ্ধি আৰু হিমপাত হ্রাস পোৱাটো ইয়াৰ প্ৰধান কাৰণ। হিমবাহৰ বৰফ গলিবলৈ লোৱাৰ ফলত হিন্দুকুশ হিমালয় অঞ্চলত পৰা ভাৰত, পাকিস্তান, নেপাল আৰু ভূটানৰ দৰে দেশৰ বাবে গভীৰ শংকাৰ সৃষ্টি কৰিছে। এই দেশকেইখনত বিশ্বৰ বৃহৎসংখ্যক জনবসতি আছে। বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত বৰফ গলিবলৈ লোৱাৰ ফলত এই অঞ্চলটোত থকা হিমবাহসমূহত চলিত শতিকাৰ শেষলৈ ৭৫% বৰফ গলি নোেহাৱা হৈ যাব। ভাৰতীয় হিমালয় অঞ্চলত প্রায় ৯৯৭৫টা হিমবাহ আছে আৰু ইয়াৰে ৯০০টা আছে উত্তৰাখণ্ডত। এই হিমবাহসমূহৰ পৰাই উত্তৰ ভাৰতৰ অধিকাংশ নদী প্ৰৱাহিত হৈছে আৰু দেশৰ প্ৰায় ৪০% জনসাধাৰণৰ খোৱাপানী, জলসিঞ্চন তথা জীৱিকাৰ প্ৰধান উৎস হৈ আছে। যদিহে বৰফ গলাৰ এই হাৰ অব্যাহত থাকে তেতিয়া দেশৰ প্ৰায় ৫০ কোটি লোকৰ সংস্থাপন তথা জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। ইফালে নেপালত জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ প্ৰভাৱ পৰিছে। ইয়াৰ ফলত হিমবাহ দ্রুত গতিত গলিবলৈ ধৰা, অনিয়মীয়া বৰষুণ আৰু বান তথা ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুর্যোগ বৃদ্ধি পাইছে। হিমালয়ক পাৰিপাৰ্শ্বিক তন্ত্ৰত হোৱা পৰিৱৰ্তনৰ ফলত কৃষি উৎপাদন হ্রাস পোৱাৰ লগতে পানীৰ উৎস শুকাবলৈ লোৱাৰ ফলত জৈৱ-বৈচিত্র্যতা বিনষ্ট হ'বলৈ ধৰিছে।
আই চি আই এম অ'ডিয়ে এই বুলি সতর্ক কৰি দিয়ে যে যদি বিশ্বৰ তাপমাত্রা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ তলত সীমিত কৰি ৰখা নহয় তেতিয়া এই শতিকাৰ শেষলৈ হিমালয়ৰ ৮০% হিমবাহ নোহোৱা হৈ যাব। ইয়াৰ প্ৰত্যক্ষ প্রভাৱ পৰিৱেশ তন্ত্ৰ আৰু মানৱ জীৱনৰ ওপৰত পৰিব। আই চি আই এম অ' ডিয়ে প্রকাশ কৰা তথ্য মতে, নৱেম্বৰৰ পৰা চলিত বছৰৰ মাৰ্চলৈকে হিমালয়ত হিমপাত প্রায় ২৭.৮% হ্রাস পায়। যোৱা ২০ বছৰৰ ভিতৰত হিমালয়ত আটাইতকৈ কম হিমপাত হোৱা বুলি কোৱা হৈছে। হিমালয়ত হিমপাত হ্রাস পোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত এইবছৰ পানীৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে। ফলত খোৱাপানী, খেতি-বাতি আৰু বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে হিমালয়ত শীতকালত পৰা বৰফ ১২খন ঘাই ঘাই নদীৰ পানীৰ প্ৰধান উৎস। ইয়াৰ পৰা উপত্যকাসমূহে বছৰি প্রায় এক চতুর্থাংশ পানী লাভ কৰে। বৰফ কম হোৱাৰ ফলত গ্রীষ্ম কালত এই নদীবোৰত পানীৰ প্রৱাহো হ্রাস পাব বুলি কোৱা হৈছে। ইয়াৰ ফলত নদীসমূহৰ উপত্যকা অঞ্চলত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। মেকাং নদী উপত্যকাত এইবাৰ বৰফ প্রায় ৬০% হ্রাস পাইছে, তিব্বতৰ পথাৰত হ্রাস পাইছে ৪৭.৪%। এই অঞ্চলবোৰ পানীৰ অধিক নাটনি হোৱাৰ আশংকা কৰা হৈছে। গংগা উপত্যকাত এইবাৰ বৰফ ১৬.৩% অধিক হয়।