৩০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ 'জলসিঞ্চন'ৰ কার্যবাহী অভিযন্তা

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক শাখাই কালি এক অভিযান চলাই উৎকোচ লোৱা অৱস্থাত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা তাইজুল ইছলাম ছিদ্দিকীক গ্ৰেপ্তাৰ কৰে। 

ঘটনাৰ বিৱৰণী মতে বিভাগটোৰ এজন ঠিকাদাৰৰ দুই লাখ টকাৰ এখন বিল আদায় দিয়াৰ বাবে কাৰ্যবাহী অভিযন্তাজনে ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল। সেই মতে উৎকোচৰ প্ৰথম কিস্তিৰ ৩০ হাজাৰ টকা অভিযোগকাৰী ঠিকাদাৰজনৰ পৰা অভিযন্তা ছিদ্দিকীয়ে তেওঁৰ মঙলদৈস্থিত কার্যালয়ত আদায় লওঁতেই পূৰ্বৰে পৰা অসামৰিক পোছাকত খাপ পিটি থকা দুর্নীতি নিবাৰক শাখাৰ আৰক্ষীয়ে অভিযন্তাজনক হাতে-লোটে আটক কৰে। 

এই বাতৰি যুগুতোৱা পর্যন্ত অভিযানকাৰী আৰক্ষীৰ দলে অভিযন্তাজনক কাৰ্যালয়ৰ ভিতৰতে জেৰা অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ চাপৰৰ বাসিন্দা অভিযন্তাগৰাকীৰ মঙলদৈ ২ নম্বৰ ৱাৰ্ডত থকা ভাৰাঘৰত সন্ধিয়ালৈ অভিযান চলোৱাৰ সম্ভাৱনা আছে।

Share This