দুই আগষ্টৰ পৰা লোকপিয়লৰ কাম গৃহ মন্ত্ৰ্যালয়ৰ কঠোৰ নিৰ্দেশনা, ৮৩,৫৩৫ বিষয়া-কৰ্মচাৰীৰ বদলি বন্ধ

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশৰ ভিত্তিত লোকপিয়লৰ বাবে অসমৰ ৮৩ হাজাৰৰো অধিক বিষয়া-কৰ্মচাৰীৰ বদলি বন্ধ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা লাভ কৰা এখন পত্ৰৰ ভিত্তিত ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ পৰা সকলো বিভাগৰ সচিব আৰু জিলা আয়ুক্তলৈ এই সন্দৰ্ভত নির্দেশনা প্ৰেৰণ কৰা হৈছে। লোকপিয়লৰ কাম-কাজৰ মাজত যাতে কোনোধৰণৰ ব্যাঘাত নপৰে, তাৰবাবে এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। 

উল্লেখযোগ্য যে অহা দুই আগষ্টৰ পৰা অসমত প্ৰথম পর্যায়ত স্ব-গণনা হ'ব। ১৭আগষ্টৰ পৰা ঘৰে ঘৰে নিয়োজিত কৰ্মচাৰীসকলে গৈ পিয়লৰ কাম আৰম্ভ কৰিব। লোকপিয়লৰ পূৰ্বে নিয়োজিত বিষয়া-কর্মচাৰীসকলৰ প্ৰশিক্ষণ ইতিমধ্যে জিলাই জিলাই আৰম্ভ হৈছে। সেয়েহে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাৰ ভিত্তিত কৰ্মচাৰী বিভাগে কৰ্মচাৰী বা বিষয়াক বৰ্তমানৰ স্থানৰ পৰা বদলি নকৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। ৰাজ্যৰখনৰ প্ৰায় ৪.৫ লাখ কৰ্মচাৰীৰ ভিতৰত ৮৩,৫৩৫গৰাকী গণনাকাৰী আৰু পৰ্যবেক্ষক নিযুক্ত কৰা হৈছে। অর্থাৎ লোকপিয়লৰ কাম শেষ নোহোৱালৈ এইসকল কৰ্মচাৰীয়ে আন স্থানলৈ বদলি পোৱাটো ৰুদ্ধ হৈ পৰিল। লোকপিয়লৰ ফলত ৰাজ্যৰ প্ৰশাসনিক কাম-কাজ আৰু আৰু শিক্ষানুষ্ঠানৰ পাঠদান ব্যাঘাত হোৱাটো একপ্ৰকাৰ নিশ্চিত। যিসকল কৰ্মচাৰী লোকপিয়লত নিয়োজিত হ'ব, তেওঁলোকৰ প্ৰায় ২৫ হাজাৰ মাধ্যমিক স্তৰৰ শিক্ষক। 

জানিব পৰা মতে, গণনাৰ বাবে যিহেতু ঘৰে ঘৰে যাব লাগিব, সেয়েহে এই কামৰ বাবে যুৱপ্ৰজন্মৰ শিক্ষক আৰু কৰ্মচাৰীকে নিয়োজিত কৰা হৈছে। আনহাতে, ২০২৭ চনৰ লোকপিয়ল দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব। গৃহ তালিকা, গৃহ পিয়ল আৰু জনসংখ্যা গণনা এই দুটা পর্যায়ত পিয়ল হ'ব। ডিজিটেল ব্যৱস্থা জড়িত হোৱাৰ লগে লগে এই ব্যৱস্থাৰ জ্ঞান বা অভিজ্ঞতা থকা যুৱপ্ৰজন্মৰ বিষয়া-কৰ্মচাৰীক পিয়লৰ কামত জড়িত কৰাত গুৰুত্ব আৰোপ কৰাৰ কথা জানিব পৰা গৈছে। ৰাজ্যৰ প্রশাসনিক কাম-কাজসমূহ যেতিয়া বর্তমান ডিজিটেল ব্যৱস্থাৰে হয় আৰু যুৱপ্ৰজন্মৰ কৰ্মচাৰীসকল এই ব্যৱস্থাত অভিজ্ঞ, সেয়েহ এইসকল কৰ্মচাৰীয়ে কাৰ্যালয় এৰি পিয়লৰ কামত নিয়োজিত হোৱাৰ লগে লগে প্রশাসনিক কাম-কাজত কিছু স্থবিৰতা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে, শিক্ষকসকলৰ বিভিন্ন সংগঠনে শিক্ষানুষ্ঠানৰ পৰা বাহিৰলৈ নি তেওঁলোকক আন কামত জড়িত নকৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও তেওঁলোকক আন চৰকাৰী কামত নিয়োজিত কৰা হৈ আহিছে। শিক্ষক সংগঠনসমূহে এই কাৰ্যৰ প্ৰতিবাদো জনাই আহিছে। 

অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ (এছ আৰ) সময়তো বি এল অ' হিচাপে ২০ হাজাৰৰো অধিক শিক্ষকক নিয়োজিত কৰাত শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱত পাঠদানত ব্যাঘাত হৈছিল। এইবাৰ লোকপিয়লৰ বাবে জিলাইপতি ৩০০ৰ পৰা ৫০০গৰাকীপর্যন্ত শিক্ষকক নিযুক্ত কৰা হৈছে। মাধ্যমিক স্তৰৰ শিক্ষকৰ ভিতৰত টেট উত্তীর্ণ শিক্ষকসকলক লোকপিয়লৰ কামত নিয়োজিত হ'ব। ইফালে গৰম বন্ধৰ পাছত আগষ্ট মাহত বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব। লোকপিয়লৰ বাবে কমেও ২০ হাজাৰ শিক্ষক 'পাঠদান'ৰ পৰা আঁতৰি 'প্রশাসনিক কাম'ত নিয়োজিত হ'বলগীয়া হোৱাত শিক্ষার্থী ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব। 

উল্লেখযোগ্য যে প্রথম পর্যায়ত সংগ্ৰহ কৰা তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ গৃহ নির্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ পৰিকল্পনা কৰাৰ বাবে তথ্য আহৰণ কৰিব কৰ্মচাৰীসকলে।

Share This