ডিজিটেল ডেস্ক : বিশ্বৰ সবাতোকৈ ধনী ৮৪জন ব্যক্তিয়ে আমেৰিকাৰ এখন ঠাইত আছুতীয়াকৈ বাস কৰিব। অতি ধনাঢ্য বিলিয়নেয়াৰসকলৰ বাবে আমেৰিকাৰ ফ্লৰিডাৰ মিয়ামিত এখন 'বিলিয়নেয়াৰ বাংকাৰ মুকলি কৰা হৈছে, য'ত মেটাৰ মুৰব্বী মার্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্রিছচিলা চানে এমাজনৰ প্রতিষ্ঠাপক জেফ বেজ'ছৰ চুবুৰীয়া হ'ব। 'ইণ্ডিয়ান ক্রিক গাঁৱত' (বিলিয়নেয়াৰ বাংকাৰ বুলিও খ্যাত) জুকাৰবার্গে এটা বিলাসী ঘৰ ক্ৰয় কৰাৰ চিন্তা-চর্চা কৰি আছে।
অতিমাত্রা গোপনীয়তা, অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ বাবে 'ইণ্ডিয়ান ক্রিক গাঁৱে' বিশ্বৰ শীর্ষ ধনাঢ্য ব্যক্তিসকলক আকর্ষণ কৰিছে। ফ্লৰিডাৰ বিছকেইনী উপসাগৰত থকা ৩০০ একৰ ভূমিৰ এই মানৱসৃষ্ট দ্বীপটোৰ নাম হৈছে 'ইণ্ডিয়ান ক্রিক গাঁও', যিখনক 'বিলিয়নেয়াৰ বাংকাৰ বুলিও জনা যায়। এই আছুতীয়া দ্বীপটোত এখন স্বতন্ত্র পৌৰ নিগম আছে য'ত বিলিয়নেয়াৰসকলৰ ব্যক্তিগত আৰক্ষীয়ে ভূমি, আকাশ আৰু জলভাগত ২৪x৭ টহল দি থাকে। এই দ্বীপটোত ইজৰাইলী নিৰীক্ষণ ৰাডাৰ আছে আৰু দ্বীপটোৰ চাৰিওকাষে গোপন কেমেৰা স্থাপন কৰা হৈছে।
দ্বীপটোত কেৱল ৪১টা আৱাসিক ঠাই আছে আৰু য'ত ৮৪জন বাসিন্দাই ঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা আছে। দ্বীপাটোত এখন অত্যাধুনিক গল্ফ খেলাৰ পথাৰো আছে। দ্বীপটোত বর্তমান এমাজনৰ প্রতিষ্ঠাপক জেফ বেজ'ছ, এ এফ এলৰ মুৰব্বী টম ব্রেডী, ড'নাল্ড ট্রাম্পৰ জীয়ৰী ইভাংকা ট্রাম্প, জাৰেদ কুশ্বনাৰ আৰু বিলিয়নেয়াৰ বিনিয়োগকাৰী কাৰ্ল আইকাহান আছে। ইতিমধ্যে মেটাৰ মুৰব্বী জুকাৰবার্গে ২০০ মিলিয়ন ডলাৰত দ্বীপটোত এটা অট্রালিকা ক্রয়ৰ পৰিকল্পনা কৰিছে। এপ্রিলৰ ভিতৰত জুকাৰবার্গ পত্নীসহ দ্বীপটোত প্রৱেশ কৰিব।