ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এ আই) অৱলম্বনৰ ক্ষেত্রত বিশ্বজনীন সহযোগিতাৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰি নতুন দিল্লীৰ এ আই ইম্পেক্ট ছামিটৰ ঘোষণা-পত্ৰত আমেৰিকা, ব্রিটেইন, চীন আৰু ফ্রান্সকে ধৰি বিশ্বৰ ৮৮খন দেশে স্বাক্ষৰ কৰে। শনিবাৰে চৰকাৰী বিষয়াসকলে এই কথা প্রকাশ কৰে।
'সৰ্বজনৰ বাবে হিত, সৰ্বজনৰ সুখ'-'সকলোৰে বাবে কল্যাণ আৰু সকলোৰে বাবে সুখ' নীতিৰ আধাৰত থকা ঘোষণা-পত্ৰত সমগ্র মানৱ জাতিৰ বাবে সমভাৱেৰে এ আইৰে উপকৃত হোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্বাসযোগ্য পৰিকাঠামোৰ সৈতে সকলোৰে বাবে এ আই উপলব্ধ কৰোৱাৰ লগতে দেশসমূহৰ সার্বভৌমত্ব ৰক্ষা আৰু বিভিন্ন অংশীদাৰৰ অংশগ্ৰহণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ দিশো ঘোষণা-পত্ৰখনত উল্লেখ আছে। ঘোষণা-পত্ৰখনত বিশ্বজনীন এ আই সহযোগিতাৰ বাবে সাতটা প্রধান বিষয়বস্তু আছে। এইসমূহত এ আই সম্পদ, অর্থনৈতিক বিকাশ, সামাজিক হিত, সুৰক্ষা আৰু বিশ্বাসযোগ্য এ আই, বিজ্ঞানৰ বাবে এ আই, সামাজিক সবলীকৰণৰ বাবে এ আই, মানৱ বিকাশ, দক্ষ আৰু উদ্ভাৱনশীল এ আই।
উল্লেখযোগ্য যে 'ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট-২০২৬' নতুন দিল্লীত ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আজিৰ এই ঘোষণা-পত্ৰত বিশ্বৰ ৮৮খন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই স্বাক্ষৰ কৰাটো এটা গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে।