পৌৰাণিক কীৰ্তিচিহ্নক লুণ্ঠনৰ সমল কৰা কাৰ্যত পৰোক্ষ সহযোগ পুৰাতত্ত্ব বিভাগৰ, দেৱী দ'ল মেৰামতিৰ নামত ঠিকাদাৰৰ লুণ্ঠন

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক: ইতিহাস প্রসিদ্ধ ৰংপুৰ আৰু আধুনিক যুগৰ শিৱসাগৰ জিলাত সিঁচৰতি হৈ থকা ছশবছৰীয়া সোণসেৰীয়া আহোম ৰাজত্বকালৰ ইতিহাসৰ সাক্ষী হৈ থকা প্রাচীন কীৰ্তিচিহ্নসমূহক পুৰাতত্ত্ব বিভাগৰ একাংশ ঠিকাদাৰে ধন আহৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। 

শিৱসাগৰ জিলাক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি লাভৰ শিৱসাগৰবাসীৰ সপোনত বাধাৰ সৃষ্টি কৰিছে পুৰাতত্ত্ব বিভাগৰ একাংশ বহিৰাগত বিষয়া আৰু অসম মুলুকৰে টকাৰ খকত পাগল হোৱা একাংশ ঠিকাদাৰে। শিৱসাগৰ নগৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত অৱস্থিত প্রাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দর্য বর্ধনৰ বাবে আবণ্টিত ধন প্রকৃতপক্ষে পুৰাতত্ত্ব বিভাগৰ একাংশ বিষয়া আৰু ঠিকাদাৰৰ লাভালাভৰ বাবে ব্যবহাৰ হয়, সেই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। 

সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ নামত বছৰি কোটি কোটি টকাৰ আঁচনি বিভাগটোৱে গ্ৰহণ কৰিলেও এই সম্পদসমূহৰ জৰাজীৰ্ণ অৱস্থাই বিভাগটোৰ লুণ্ঠণৰ স্বৰূপ উদঙাই তুলিছে। বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বাবে এই ঐতিহাসিক সমলবোৰ একোজনীকৈ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। তাৰ অন্যতম উদাহৰণ হৈছে গৌৰীসাগৰ বৰপুখুৰী আৰু তাৰ পাৰত থকা তিনিটাকৈ দৌল। বছৰি পুখুৰীটোৰ লগতে পাৰত থকা উক্ত দৌলকেইটাৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ নামত কোটি টকাৰ আঁচনি গ্রহণ কৰিলেও পুখুৰীটোৰ চাৰিওটা পাৰ হাবি-জংঘলেৰে আৱৰি থকাৰ লগতে জলৰাশিত পানী মেটেকাৰে আৱৰি ধৰিছে। পুখুৰীটোৰ এনে কদৰ্য ৰূপ চকুত নপৰা বিভাগটোলৈ বাট নাচাই গৌৰীসাগৰবাসী ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পাৰকেইটাৰ হাবি-জংঘল চাফা কৰিব লগা হয়। ইফালে, পশ্চিম দিশৰ পাৰটোৰ অৱস্থাও শোচনীয়। বিগত বাৰিষাত দুবাৰকৈ পুখুৰীটোৰ পাৰ খহি পানী ওলাই গৈছিল যদিও তাৰ আজিলৈকে বৈজ্ঞানিকভাৱে কোনো মেৰামতিৰ ব্যৱস্থা কৰা নহ'ল। আনহাতে, পাৰত থকা দৌলকেইটাৰ গাত হাবি-জংঘলে আৱৰি ধৰাৰ উপৰি উদ্যানকেইখন গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে। গৰু-ছাগলী প্ৰৱেশ কৰিব নোৱাৰাকৈ তিনি-চাৰি বছৰৰ পূৰ্বে ফেঞ্চিং লগোৱাৰ এক অত্যাধুনিক আঁচনি গ্রহণ কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হ'ল। 

ইফালে, সৌন্দর্য বর্ধনৰ নামত ফুল পুলি ৰোপণৰ নামত বছৰি লক্ষাধিক টকা খৰচ কৰি অহা হৈছে যদিও দুই-এজোপা ফুলগছৰ বাহিৰে অন্য ফুলৰ অস্তিত্ব বিচাৰি পাবলৈও নাই। তদুপৰি, দৌলকেইটাৰ চৌহদত আজিলৈকে পর্যাপ্ত বিজুলী লাইটৰ ব্যৱস্থা নকৰাত নিশা হ'লে দৌলকেইটা আন্ধাৰত ডুব যায়। 

দেশী-বিদেশী পর্যটকে বছৰৰ প্ৰতিটো দিনে ভিৰ কৰা শিৱ দৌল আৰু বিষ্ণু দৌলৰ মাজত কোটি টকা ব্যয়েৰে এটা শৌচাগাৰ আৰু কাৰ্যালয়ৰ লগতে পথটো নিৰ্মাণ কৰা হৈছিল যদিও পথৰ কাষত নিৰ্মাণ কৰা নলাসমূহ আজিও উন্মুক্ত হৈয়ে থাকিল। এনে দুৰৱস্থাৰ বাবে দৌলদুটাৰ কাষতে থকা দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সময়ত দুর্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে। আনহাতে, গৌৰীসাগৰৰ দেৱী দৌলত মেৰামতিৰ কাম-কাজ চলাই থকা জৈনক দত্ত উপাধিৰ ঠিকাদাৰ জনৰ কৰ্মকাণ্ড পোহৰলৈ আহিছে। দেৱী দৌলটোৰ বাহিৰত নিৰ্মীয়মাণ অৱস্থাত থকা পকামজিয়া নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আঁসোৱাহ পৰিলক্ষিত কৰি স্থানীয় ৰাইজ ক্ষুব্ধ হৈছে। প্রতিবছৰে এই প্রাচীন কীৰ্তিচিহ্নসমূহ মেৰামতি কৰাৰ নামত পুৰাতত্ত্ব বিভাগৰ একাংশ বিষয়া আৰু ঠিকাদাৰ যে মিলি লুণ্ঠন চলায় সেয়া ইতিমধ্যে প্রমাণিত হৈছে। 

শেহতীয়াকৈ গৌৰীসাগৰৰ দেৱী দৌলত পুৰাতত্ত্ব বিভাগৰ বাবে আবণ্টিত পুঁজিৰে মেৰামতি কৰা দেৱী দৌলৰ কাষৰ পকী মজিয়া নিৰ্মাণৰ নামত জৈনক দত্ত উপাধিৰ এগৰাকী ঠিকাদাৰে পুৰাতত্ত্ব বিভাগৰ বিষয়াৰ সৈতে জড়িত হৈ কমিছনৰ অংক কৰি মজিয়া নির্মাণত ব্যবহৃত ইটা নোধোৱাকৈ আৰু প্রাচীন কীর্তিচিহ্ন সমূহৰ বাবে তৈয়াৰ কৰা প্ৰয়োজনীয় থলুৱা চিমেন্ট ব্যৱহাৰ নকৰাকৈ মেৰামতিৰ কাম চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্রত জাতীয় জনগোষ্ঠীয় দল-সংগঠন বিশেষকৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৌনতাক লৈ সন্দেহ প্রকাশ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ পৰিৱৰ্তে জিলা আয়ুক্তগৰাকীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Share This