১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট

dainik janambhumi November 19, 2025

ডিজিটেল ডেস্ক : এইবছৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈ এই ১০ মাহত মহাৰাষ্ট্ৰৰ মাৰাঠাৱাড়াত (পূৰ্বৰ ঔৰংগাবাদ আৰু বৰ্তমানৰ ছত্ৰপতি সম্ভাজীনগৰ ডিভিজন) শস্যৰ বিপুল ক্ষতিৰ বাবে ৮৯৯জন কৃষকে আত্মহত্যা কৰিছে। ইয়াৰে ৫৩৭জনে কৰিছে বছৰটোৰ প্রথম ছমাহত। উল্লেখযোগ্য যে মাৰাঠাৱাড়া বা ঔৰংগাবাদ ডিভিজনৰ অধীনত আছে মুঠ ৮খন জিলা। 

ছত্ৰপতি সম্ভাজীনগৰৰ ডিভিজনেল আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য মতে বৃষ্টিপাত আৰু বানে অনা দুৰ্যোগৰ বাবে ৮৯৯জন কৃষকে আত্মহত্যা কৰে। জিলা অনুসৰি ছমাহত আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছে ছত্রপতি সম্ভাজীনগৰ জিলা ১১২, জালনা ৩২, পৰভণী ৪৫, হিংগোলী ৩৩, নান্দেড় ৯০, বীড ১০৮, লাতুৰ ৪৭ আৰু ধাৰাশিৱ ৭০। ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে ৮খন জিলাৰে গঠিত মাৰাঠাৱাড়াৰ ক্ষতিগ্রস্ত কৃষকৰ বাবে মুঠ ৩২,০০০ কোটি টকা ক্ষতিপূৰণৰ ঘোষণা কৰিছে। 

ইফালে কৃষক নেতা তথা প্রাক্তন ৰাজু শেঢ়ীয়ে এইক্ষেত্ৰত অভিযোগ কৰে যে ক্ষতি হোৱা শস্য অনুসৰি কৃষকে লাভ কৰা ক্ষতিপূৰণ হৈছে সামান্য। তেওঁ কয়, 'কলনি থকা এজন কল খেতিয়কে এজন ব্যৱসায়ীৰ সৈতে প্রতি টনত ২৫,০০০ টকাকৈ ১০০ টন কলৰ বাবে চুক্তি কৰিলে। বানৰ পাছত সীনা নদীয়ে তেওঁৰ গোটেই কল নষ্ট কৰিলে। তেওঁ ক্ষতিপূৰণ পালে মাত্র ২৫,০০০ টকা।'

Share This