বিধানসভাত মন্ত্রী অতুল বৰাৰ তথ্য, ৰাজ্যত আবকাৰী বিভাগত ১২২টা পদ খালী

dainik janambhumi July 16, 2026

ডিজিটেল ডেস্ক : ২০১৬ চনৰ পৰা এতিয়ালৈকে ৰাজ্যত ১১৯৪খন 'অন ছপ'ৰ অনুজ্ঞা-পত্র দিয়া হৈছে। আনহাতে, ২০১৬ চনৰ পৰা ৰাজ্যত ১০০২খন বিলাতী সুৰা, ৯২৪ দেশীয় সুৰাৰ বিপণীৰ উপৰি ১২৯খন বাৰৰ অনুজ্ঞা পত্র দিয়া হৈছে। আবকাৰী বিভাগত মুঠ ১১৬টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ খালী আছে আৰু ১টা প্ৰথম বৰ্গৰ আৰু ৫টা দ্বিতীয় বৰ্গৰ পদ খালী আছে। 

কালি অসম বিধানসভাত আবকাৰী মন্ত্ৰী অতুল বৰাই এই তথ্য দাখিল কৰিছে। ৰাজহ সংগ্ৰহ আৰু সুৰা বিপণীৰ অনুজ্ঞা পত্ৰৰ সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি অসম আবকাৰী আইন, ২০১৬ অনুসৰি, আবকাৰী ৰাজহ এই বিপণী আৰু বাৰৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰা নহয়। আবকাৰী শুল্ক আৰু মূল্য সংযোজিত কৰ 'Wholesale Warehouse'সমূহে সুৰা উৎপাদন কৰা কাৰখানাসমূহৰ পৰা সুৰা ক্ৰয় কৰাৰ সময়ত অগ্রিম আদায় দিয়ে। এই বিপণী আৰু বাৰসমূহৰ পৰা কেৱল মাত্র অনুজ্ঞা-পত্র মাচুল তথা ইয়াৰ নবীকৰণ মাচুলহে সংগ্ৰহ কৰা হয়। 

অসম আবকাৰী আইন, ২০১৬ৰ ২৮৯নং অনুচ্ছেদ মতে, সুৰাৰ বিপণী আৰু বাৰসমূহ স্কুল, কলেজ আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰা পৌৰ নিগম এলেকাত ৫০ মিটাৰ, পৌৰসভা আৰু নগৰ সমিতি এলেকাত ১০০ মিটাৰ আৰু গাঁও পঞ্চায়ত বা আন আন সমতুল্য ক্ষেত্ৰসমূহত ১৫০ মিটাৰ দূৰত্বত স্থাপনৰ নিয়ম আছে। আনহাতে, সুৰাৰ বিপণী আৰু বাৰৰ অনুজ্ঞা-পত্ৰসমূহ অসম আবকাৰী আইন, ২০১৬ত অন্তর্ভুক্ত নীতি-নির্দেশনাৰ ভিত্তিত সকলো নথি -পত্ৰ পৰীক্ষা কৰাৰ পাছতহে প্ৰদান কৰা হয় বুলিও তেওঁ উল্লেখ কৰে। ইফালে সুৰা উৎপাদন সন্দর্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ প্ৰশ্নৰ-উত্তৰত আবকাৰী মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি, অসমত অবৈধ সুৰা উৎপাদন আৰু বিক্ৰী বন্ধ কৰাৰ বাবে চলি থকা পদক্ষেপৰ অংশ হিচাপে অসম আবকাৰী আইন-২০০০ৰ সংশোধন ঘটাই অবৈধ সুৰাৰ অপৰাধৰ ক্ষেত্ৰত জামিনবিহীন ধাৰা প্ৰয়োগ কৰা হৈছে আৰু এনে অপৰাধৰ বাবে শাস্তিৰ ম্যাদ জৰিমনাসহ নিম্নতম ৬ মাহৰ পৰা ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড ধাৰ্য কৰা হৈছে। অসম আবকাৰী আইন-২০০০ৰ পুনৰ সংশোধন ঘটাই আৰক্ষী বিভাগক অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অতিৰিক্তভাৱে ক্ষমতা প্ৰদান কৰা হৈছে। তদুপৰি অবৈধ সুৰাৰ চিনাক্তকৰণৰ বাবে সুৰাৰ বটলত টেম্পাৰ ডি হাই ছিকিউৰিটী হ'ল 'গ্রাম লগোৱাৰ ব্যৱস্থা আছে। 

২০২২ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা হ'ল'গ্রাম ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰি আবকাৰী বিভাগে অসমত অবৈধ সুৰা উৎপাদন আৰু বিক্ৰী বন্ধ কৰাৰ বাবে নিয়মিতভাৱে অভিযান চলাই আহিছে। তেনেদৰে অবৈধ সুৰা সেৱনৰ ফলত ২০২১ চনৰ পৰা অসমত মৃত্যু হোৱা লোকৰ তথ্য বিভাগৰ হাতত নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আবকাৰী বিভাগত খালী থকা প্ৰথম বৰ্গৰ আৰু দ্বিতীয় বৰ্গৰ পদৰ ভিতৰত ১টা আবকাৰী অধীক্ষক আৰু ১টা আবকাৰী পৰিদৰ্শকৰ পদ পূৰণৰ বাবে অসম লোকসেৱা আয়োগে ব্যৱস্থা গ্রহণ কৰিছে। বাকী অন্য ৪টা আবকাৰী পৰিদৰ্শকৰ খালী পদ অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে পূৰণ কৰা হ'ব বুলি প্রকাশ কৰে। সেইদৰে আইন উলংঘাৰ কোনো অভিযোগ পালে অসম আবকাৰী বিধি-২০১৬ৰ বিধি নং-২৯৫ অনুসৰি যাৱতীয় অনুসন্ধানৰ জৰিয়তে নিষ্পত্তি কৰা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অসম আবকাৰী বিধি-২০১৬ অনুসৰি ২১ বছৰৰ তলৰ কোনো লোকক সুৰা বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আছে আৰু প্ৰতিখন সুৰা বিপণীৰ সন্মুখত ২১ বছৰৰ অনূর্ধ্বৰ লোকৰ বাবে সুৰা বিক্ৰী নিষিদ্ধৰ জাননীৰ ফলক লগোৱাটো বাধ্যতামূলক কৰা হৈছে বুলি জানিবলৈ দিয়ে। 

ইফালে ভেজাল মদ চিনাক্তকৰণৰ বাবে আধুনিক ৰসায়নাগাৰত সুৰাৰ গুণাগুণ পৰীক্ষা কৰা কথা উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই অসমৰ সীমান্তৱৰ্তী ৰাজ্য আৰু অন্যান্য অঞ্চলসমূহৰ পৰা অবৈধ সুৰা সৰবৰাহ ৰোধ কৰিবলৈ বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা আৰু ডিজিটেল লক ব্যৱস্থাৰ যোগেদি সুৰা পৰিবহণ কৰা বাহনসমূহ ট্রেকিং কৰাৰ বাবে বিভাগে সিদ্ধান্ত লোৱা বিষয়ো অৱগত কৰে।

Share This