গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক

Rashmi July 16, 2026

ডিজিটেল ডেস্ক: ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত অবৈধভাৱে গৰু মাংস বিক্ৰীৰ অভিযোগত চাৰিজন লোকক আটক কৰা হৈছে। ইয়াৰ লগতে জব্দ কৰা হৈছে প্ৰায় ২৩.৫০ কেজি গো মাংস আৰু এখন লোহাৰ তৰোৱাল।

গোপন এক তথ্যৰ ভিত্তিত যোৱাকালি গৌৰীপুৰ থানাৰ এছ আই (পি) প্ৰভাষ কৰ্মকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চিতলকাটি গাঁৱৰ সমীপত অভিযান চলায়।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে সন্দেহজনক গো মাংস বিক্ৰী কৰি থকা অৱস্থাত চাৰিজন লোকক হাতে-লোটে আটক কৰে।  আটকাধীন লোককেইজন  নবিয়াল হক, আছিম উদ্দিন, চান্দ মিঞা আৰু আইজাল হুছেইন। আটাইকেইজনেই গৌৰীপুৰ থানাৰ অন্তৰ্গত চিতলকাটি গাঁৱৰ বাসিন্দা।






উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This