ডিজিটেল ডেস্ক: দীৰ্ঘদিন ধৰি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ জালত। আজাৰাৰ এটি ট্ৰেন্সপৰ্টাৰ কোম্পানীৰ পৰা প্ৰায় ৩৫ লাখ টকাৰ কেচট্ৰোল কোম্পানীৰ মবিল লোডিং কৰি অসমৰ বিভিন্ন ঠাইত বিক্ৰীৰ ব্যৱস্থা কৰিছিল। বিশেষকৈ ডিমাপুৰত লোডিং কৰিব লগীয়া সামগ্ৰীখিনি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন সহিতে প্ৰায় উত্তৰ কামৰূপৰ ১০/১২ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলে নগালেণ্ডৰ ডিমাপুৰত আনলোডিং নকৰি কামৰূপ-দৰং জিলাৰ সীমান্তৱৰ্তী হালধা গাঁৱৰ এখন দোকানত মজুত কৰি ৰাখিছিল উক্ত সামগ্ৰীখিনি।
ট্ৰেন্সপৰ্টাৰ কোম্পানীৰ এজাহাৰ মৰ্মে আজাৰা থানা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সহযোগত জিপিএছৰ সহায়ত চাৰিজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দলটোত আছিল মুঠ ১১জন যুৱক।
মুন্না আহমেদ, ৰাজীৱ আলী, ইফটিকাৰ আৰু বিকু নামৰ যুৱককেইজনক আটক কৰিবলৈ সক্ষম হয়। সমগ্ৰ চুৰিকাৰ্যৰ পৰিকল্পনাটিৰ মাষ্টাৰ মাইণ্ড মইনুল আলীৰ লগতে আন ছয়জন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে তদন্ত।
উৎস : প্ৰাগ নিউজ ডিজিটেল