ডিজিটেল ডেস্কঃ বিশ্বৰ আগশাৰীৰ টেক কোম্পানী মাইক্ৰ’ছফটে পুনৰ এটা ডাঙৰ সিদ্ধান্ত লৈ প্ৰায় ৯১০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।
এই ছাটাই অভিযানত কিমান কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব সেয়া এই পৰ্যন্ত মাইক্ৰ'ছফ্টে ৰাজহুৱা কৰা নাই যদিও এটা কথা স্পষ্ট কৰি দিছে যে কোম্পানীটোত কৰ্মৰত হৈ থকা মুঠ কৰ্মচাৰীৰ মাজৰ পৰা ৪ শতাংশ কৰ্মচাৰীক এইবাৰ চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব ৷
যদি এয়াই হয় তেন্তে সমগ্ৰ বিশ্বত কৰ্মৰত হৈ থকা মাইক্ৰ'ছফ্টৰ প্ৰায় ৯ হাজাৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব । মাত্ৰ এটা মাহৰ ভিতৰতে এই বিখ্যাত কোম্পানীটোৰ এইটো হৈছে বৃহৎ কৰ্মচাৰী ছাটাই অভিযান ৷
এক বিবৃতিত মাইক্ৰ'ছফ্টে কয়- "কোম্পানীটোৰ উত্তৰণৰ হকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷" মূলতঃ কৃত্ৰিম বুদ্ধিমত্তা কিম্বা এ আইৰ দ্বাৰা কিছুমান কাম এতিয়াৰে পৰা কৰিবলৈ সিদ্ধান্ত লৈছে মাইক্ৰ'ছফ্টে, যাৰ বাবে এতিয়া অমানিশা নামি আহিছে এই ৯ হাজাৰ কৰ্মচাৰীৰ জীৱনলৈ ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা জুন মাহত মাইক্ৰ'ছফ্টে ৱাশ্বিংটনৰ ৰেডমণ্ডত অৱস্থিত প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৩০০ কৰ্মচাৰীক ছাটাই কৰিছিল ৷ তাৰো পূৰ্বে মে' মাহত ৬ হাজাৰ আৰু ইয়াৰো পূৰ্বে দুহেজাৰ কৰ্মচাৰীক ছাটাই কৰিছিল। এই বিখ্যাত ছফ্টৱেৰ কোম্পানীটোত বৰ্তমান কৰ্মৰত হৈ থকা কৰ্মচাৰীৰ সংখ্যা হ'ল প্ৰায় ২,২৮,০০০গৰাকী ৷
উৎস : প্ৰাগ নিউজ ডিজিটেল