কানাডাৰ পৰা বিতাৰণ কৰা হ'ব ৯ হাজাৰ ভাৰতীয়ক

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক : কানাডাৰ ইতিহাসত প্ৰব্ৰজন আৰু ৰাজনৈতিক আশ্রয় পদ্ধতিত প্ৰথমবাৰৰ বাবে সবাতোকৈ ব্যাপক সংস্কাৰ সাধন কৰি কানাডা চৰকাৰে বিধেয়ক চি-১২ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে। কানাডা চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে, দেশখনৰ প্ৰব্ৰজনকাৰী বিষয়ক প্রক্রিয়াত সংহতি আৰু স্বচ্ছতা অনাৰ বাবে এই চি-১২ বিধেয়ক ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে। 

আনহাতে, এই নতুন প্ৰব্ৰজন বিধেয়কৰ বাবে কানাডাৰ পৰা ৩০ সহস্রাধিক প্ৰব্ৰজনকাৰীক বিতাৰণ কৰা হ'ব। এই বিতাৰিত হ'বলগীয়া প্ৰব্ৰজনকাৰীৰ ভিতৰত হাজাৰ হাজাৰ ভাৰতীয় শিক্ষার্থীও আছে। এইচি-১২ বিধেয়কত প্ৰব্ৰজনকাৰীক শৰণাৰ্থীৰ মৰ্যাদাৰ বাবে আৱেদন কৰিবলৈ এবছৰৰ অন্তিম সময়সীমা দিয়া হৈছে। ইয়াৰ অৰ্থ হৈছে কানাডাত প্ৰৱেশৰ ১২ মাহৰ ভিতৰত প্ৰব্ৰজনকাৰীয়ে দেশখনত শৰণাৰ্থীৰ মৰ্যাদাৰ বাবে অনুৰোধ দাখিল কৰাৰ আৱশ্যক হ'ব। এবছৰৰ সময়সীমাৰ ভিতৰত কোনো প্ৰব্ৰজনকাৰীয়ে শৰণাৰ্থীৰ মৰ্যাদাৰ বাবে আৱেদন নকৰিলে, তেওঁৰ আৱেদন দেশখনত স্বয়ংক্রিয়ভাবে বাতিল হ'ব। 

উল্লেখযোগ্য এই নতুন প্ৰব্ৰজন নীতিৰ বাবে বহুতো ভাৰতীয় শিক্ষার্থী আৰু ৱৰ্ক পার্মিটধাৰীসকল প্ৰভাৱিত হ'ব। আনহাতে, পঞ্জাবৰ পৰা যোৱা ৯০০০তকৈ অধিক লোকক এই চি-১২ বিধেয়কৰ বাবে কানাডাৰ পৰা বিতাৰণ কৰাৰ সম্ভাৱনা প্রকট হৈ উঠিছে। উল্লেখযোগ্য যে বিতাৰিত হ'বলগীয়া ৩০০০০ প্রব্রজনকাৰীৰ ভিতৰত কানাডাত থকা ৯০০০ ভাৰতীয় শিক্ষার্থী আৰু শৰণাৰ্থী বুলি দাবী কৰা লোকো আছে। আনহাতে, এই নতুন প্রব্রজন বিধেয়কৰ অধীনত বহুতো ভাৰতীয়ক তাৎক্ষণিকভাবে কানাডা এৰিবলৈ ইতিমধ্যে নির্দেশ দিয়া হৈছে।

Share This