ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে দেশখনৰ জনসাধাৰণ। ৰাষ্ট্ৰপতি ট্রাম্পৰ নীতি আৰু ইৰানৰ বিৰুদ্ধে যুদ্ধৰ বিৰোধিতা কৰি শনিবাৰে দেশখনত আহ্বান কৰা 'ন' কিংছ' সমাৱেশলৈ ৫০খন ৰাজ্যৰ লাখ লাখ লোক পথলৈ ওলাই আহে।
'ন' কিংছ' (অর্থাৎ কোনো ৰজা নাথাকিব) প্রতিবাদী সমাৱেশৰ আয়োজকসকলে প্রকাশ কৰা মতে, শনিবাৰে প্ৰতিবাদত দেশখনৰ প্ৰায় ৯০ লাখ লোকে অংশগ্ৰহণ কৰে। ই হ'ল আমেৰিকাৰ ইতিহাসত অন্যতম সর্ববৃহৎ প্রতিবাদ। আয়োজকসকলে প্রকাশ কৰা মতে, যোৱা বছৰ জুনত ন' কিংছ সমাৱেশত প্রায় ৫০ লাখ আৰু অক্টোবৰত প্রায় ৭০ লাখ লোকে অংশগ্রহণ কৰিছিল। দেশখনৰ ৩,১০০তকৈ অধিক স্থানত শনিবাৰে এই প্রতিবাদী সমাৱেশৰ আয়োজন কৰা হয়। শনিবাৰে সৰ্ববৃহৎ প্রতিবাদী সমাৱেশ দেখা পোৱা যায় মিন 'ছেটাৰা ৰাজধানী ছেইন্ট পলত। ছেইন্ট পলত হোৱা সমাৱেশত দুই লাখতকৈ অধিক লোকে অংশগ্রহণ কৰে।
উল্লেখযোগ্য যে ছেইন্ট পলত ৰাষ্ট্ৰীয় মূল প্রতিবাদী কার্যসূচী ঘোষণা কৰা হৈছিল। সমাৱেশত ৰক সংগীতজ্ঞ ব্রুছ স্প্রিংটনে 'ষ্ট্ৰীটছ অব্ মিনিয়াপলিছ' শীর্ষক এটা গীতো পৰিৱেশন কৰে। আমেৰিকাৰ ইমিগ্রেশান এজেন্টে চলোৱা অভিযানৰ সময়ত প্রাণ হেৰুওৱা মিনেছ'টাৰ বেনী গুড আৰু এলেক্স প্রেতিৰ স্মৃতিত এই গীতটো পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰপতি ট্রাম্প বিৰোধী এই প্রতিবাদত অভিনেতা ৰবাৰ্ট জি নীৰো, গায়িকা জ'ন বেজ, অভিনেতা জেন ফ'ণ্ডা আৰু চিনেটৰ বানী ছেণ্ডাৰ্ছৰ দৰে কেইবাগৰাকী প্রখ্যাত লোকে অংশগ্রহণ কৰে। এই প্রতিবাদৰ আয়োজন কৰা হয় ঘাইকৈ ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰব্ৰজন নীতি আৰু ইমিগ্রেশ্যন এজেণ্টৰ আক্ৰমণাত্মক অভিযান আৰু ইৰানৰ বিৰুদ্ধে যুদ্ধৰ বিৰোধিতা কৰি।
প্রতিবাদ ৱাশিংটন, নিউয়ককে ধৰি দেশখনৰ প্ৰায়বোৰ আগশাৰীৰ মহানগৰত দেখা পোৱা যায়। ৱাশিংটনৰ লিংকন মেম'ৰিয়েলৰ কাষত সহস্রাধিক লোকে প্রতিবাদী শোভাযাত্রাত অংশগ্রহণ কৰে। ছেন ডিয়েগোত প্রায় ৪০ হাজাৰ লোকে প্রতিবাদত অংশগ্রহণ কৰে। নিউয়র্কতো প্রতিবাদী সমাৱেশ অনুষ্ঠিত হয়। লছ এঞ্জেলছ, ছিকাগো আৰু ছেন ফ্রেন্সিছকোৰ দৰে মহানগৰীত হাজাৰ হাজাৰ লোকে প্রতিবাদত অংশগ্রহণ কৰে।
কেইবাখনো মহানগৰত প্রতিবাদকাৰীয়ে মূল পথসমূহত শাৰী পাতি থিয় হৈ প্রতিবাদ জনায়। কিছুমান মহানগৰৰ মূল স্থানত প্রতিবাদকাৰীসকল সমবেত হৈ ট্রাম্প বিৰোধী শ্ল'গান দিয়াৰ লগতে প্লেকার্ডো প্রদর্শন কৰে। প্রতিবাদত অংশগ্রহণ কৰা লোকসকলে কয়, 'আজি আমি ইয়াত সমরেত হৈছোঁ এই কথা জনাবলৈ যে আমেৰিকাত কোনো ৰজা নাই। আমি একগোট হৈ মাত মাতি যাম। ট্রাম্পৰ ৰজাৰ দৰে আচৰণ প্ৰতিৰোধ কৰিম। ইৰানৰ বিৰুদ্ধে যুদ্ধৰ বিৰোধিতা কৰি শনিবাৰে হোৱা এই প্রতিবাদ কেরল আমেৰিকাতে সীমিত হৈ থকা নাছিল।
ইউৰোপ, লেটিন আমেৰিকাৰ বিভিন্ন দেশ আৰু অষ্ট্ৰেলিয়াতো হাজাৰ হাজাৰ লোকে প্রতিবাদত অংশগ্রহণ কৰে। ৰোমত হাজাৰ হাজাৰ লোকে প্রতিবাদী শোভাযাত্রা কৰে আৰু ইৰানত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ বিৰোধিতা কৰি শ্ল'গান দিয়ে। প্রতিবাদকাৰীয়ে 'যুদ্ধমুক্ত বিশ্ব লাগে' লিখা থকা বেনাৰো প্রদর্শন কৰে। লণ্ডনত প্রতিবাদকাৰীয়ে 'দক্ষিণপন্থীক প্ৰতিৰোধ কৰক', 'বর্ণ বৈষম্যৰ বিৰুদ্ধে থিয় হওক' লিখা থকা বেনাৰ প্রদর্শন কৰা দেখা পোৱা গৈছিল। পেৰিছতো ফ্রান্সত বাস কৰা আমেৰিকানসকলৰ সৈতে শ্রমিক সংগঠন তথা মানৱাধিকাৰ সংগঠনসমূহে প্রতিবাদত অংশগ্ৰহণ কৰে।