ডিজিটেল ডেস্ক : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত টুপামাৰীত শুকুৰবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ এডোখৰ বিবদমান ভূমিত থকা প্রায় ৯০ জোপা তামোল গছ কাটি তহিলং কৰে এটা পক্ষই। জানিব পৰা মতে, গাঁওখনৰ এডোখৰ ভূমিক লৈ ইউনুছ আলী, ইছা হক আলীৰ পক্ষৰ সৈতে একেখন গাঁৱৰে মুজাম্মেল হকৰ দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুয়োটা পক্ষই বিবদমান ভূমিৰ মালিকীস্বত্ব দাবী কৰি আৱেদন জনোৱাত ইতিমধ্যে ৰাজহ চক্ৰ বিষয়াই বিবদমান ভূমিখিনিৰ বৰ্তমানৰ অৱস্থানৰ চৰজমিন তদন্ত কৰি ভূমিখিনিত থকা অন্যান্য গছ-গছনিৰ লগতে তামোলৰ গছখিনিৰ ক্ষতিসাধন নকৰিবলৈ দুয়োটা পক্ষক মৌখিক নির্দেশ দিয়ে।
কিন্তু ৰাজহ চক্ৰ বিষয়াৰ এই নির্দেশক অংগুষ্ঠ দেখুৱাই শুকুৰবাৰে নিশা প্রায় ১১ বজাত মুজাম্মেল হক মাষ্টৰৰ পক্ষৰ ৭-৮জনীয়া এটা দলে বিবদমান ভূমিত প্ৰৱেশ কৰি বৃহৎ পৰিমাণৰ তামোল গছ কাটি তহিলং কৰে। হাতে হাতে দা লৈ অহা দুর্বৃত্তৰ দলটোক ভুক্তভোগী পৰিয়ালটোৱে দেখিও বাধা দিয়াৰ সাহস গোটাব পৰা নাছিল।
শনিবাৰে পুৱা এই জঘন্য ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভুক্তভোগী ইউনুছ আলীয়ে ঘটনা সন্দর্ভত ৬জন লোকক অভিযুক্ত কৰি টুপামাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।