ডিজিটেল ডেস্ক : বিশ্বৰ প্ৰায় প্ৰতিজন লোকেই জীৱনকালত এবাৰলৈ হ'লেও কৰ্কট ৰোগৰ প্ৰভাৱত পৰে। এই তথ্য প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই (হু)।গোলকীয় সংস্থাটোৰ তথ্য অনুসৰি বিশ্বৰ প্রায় ৯২% লোক জীৱনত এবাৰ হ'লেও কৰ্কটৰ প্ৰভাৱলৈ আহে। কিন্তু ইয়াৰ ভিতৰত ৫ শতাংশ লোকৰ দেহতহে এই ৰোগে থিতাপি লয়। কিন্তু মানুহৰ মাজত কৰ্কট ৰোগ সন্দৰ্ভত সমপৰ্যায়ৰ সজাগতাৰ অভাৱ। যাৰ ফলত ইয়াৰ প্ৰতিৰোধ, চিকিৎসা আৰু প্রয়োজনীয় যতন সন্দৰ্ভত গৰিষ্ঠ সংখ্যক লোকৰে সম্যক জ্ঞানৰ অভাৱ।
উচ্চ আয়ৰ দেশসমূহত স্তন কর্কটত আক্রান্ত ৮৭ শতাংশ মহিলা ৫ বছৰ পৰ্যন্ত জীয়াই থাকে। কিন্তু নিম্ন আয়ৰ দেশসমূহত এই হাৰ ৪২% হে। তথ্য অনুসৰি একোজন লোকক শাৰীৰিক, আৱেগিক আৰু আৰ্থিকভাৱে বিধ্বস্ত কৰি পেলোৱা কৰ্কট ৰোগত প্রতিদিনেই বিশ্বজুৰি ২৬ হাজাৰ লোকৰ মৃত্যু হয়।
আনহাতে, বছৰি এই ৰোগত আক্রান্ত হৈ প্রায় ১ কোটি লোকে শেষ নিশ্বাস ত্যাগ কৰে।