ডিজিটেল ডেস্ক : কালিৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰী পথাৰৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একক বৃহৎ ধর্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। কণমানিটোৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে ভকতি বস্তু পৰিধান কৰি হৰি নামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিছে। অধিৱেশনলৈ মূল তোৰণৰ সন্মুখভাগত সেৱক-সেৱিকাসকলে ভকতসকলক হৰিনামৰ ধ্বনিৰে আদৰণি জনোৱা দৃশ্যই সকলোকে আকৰ্ষণ কৰা পৰিলক্ষিত হয়। বৃহস্পতিবাৰৰ পৰা অধিৱেশনস্থলীলৈ শ শ ভকতৰ সোঁত বোৱাৰ পাছত কালি পুৱাৰ পৰা অধিৱেশনস্থলীত ভকতৰে বিৰ দি বাট নোপোৱা অৱস্থা।
ইফালে কালি প্রথম দিনটোতে হাজাৰ হাজাৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা অধিৱেশনত কালি দেখা পোৱা গ'ল এক অপূর্ব দৃশ্য। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কালি বিয়লি শ্রদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে সাত সহস্রাধিক ভকত বৈষ্ণৱে সমস্তে 'মায়াবিনী' গীতটি গাই পৰিৱেশটোকে আৱেগিক কৰি তোলে। ইয়াৰ পিছতে পাঁচ সহস্রাধিক আই মাতৃয়ে অধিৱেশনস্থলীৰ মুকলি পথাৰত দিহানাম পৰিৱেশন কৰি অধিৱেশনস্থলী বৈকুণ্ঠপুৰীলৈ পৰিণত কৰে। উল্লেখযোগ্য যে অধিৱেশনস্থলীলৈ বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বাপ-বান্ধৱ তথা আই মাতৃসকলৰ সোঁত বৈ আছে। শ শ অস্থায়ী শিবিৰত দূৰ-দূৰণিৰ ভকতসকলে আশ্রয় গ্রহণ কৰিছে। ১২ হাজাৰ ভকতে একেলগে ভোজন কৰিব পৰা ভোজনালয়ত শ শ ভকতক আপ্যায়ন কৰিছে। ইয়াত কেইবাশতাধিক সেৱা বাহিনীৰ সদস্য নিয়োগ কৰা হৈছে।
উল্লেখযোগ্য যে কালি পুৱাৰে পৰা অধিৱেশনৰ মূল তোৰণত শতাধিক যুৱক-যুৱতীয়ে ভকতি বস্ত্ৰ পৰিধান কৰি অধিৱেশনস্থলীলৈ অহা ভক্ত প্ৰাণ ৰাইজক হৰি নামৰ ধ্বনিৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে কালি অধিৱেশনস্থলীত কেইবাখনো তোৰণ উন্মোচন কৰা হয়। ইফালে কালি বিয়লি ধলাইবিল ৰে'ল ষ্টেছনত অভাৱনীয় পৰিৱেশৰ সূচনা হয়। লখিমপুৰ, ধেমু, গহপুৰ আদিৰ পৰা শশ ভকত বৈষ্ণৱ ৰে'লেৰে আহি উপস্থিত হৈছে। ইফালে কালি অধিৱেশনৰ প্ৰথম দিনটোতে কেইবাখনো গ্রন্থ উন্মোচন কৰা হয়। শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাত শ্রীমন্ত শংকৰদেৱ সংঘৰ স্মৃতিগ্ৰন্থ 'ভকতি ধাৰা' উন্মোচন কৰাৰ লগতে নামধৰ্ম, মহাপুৰুষ জ্যোতিকে ধৰি কেইবাখনো গ্রন্থ উন্মোচন কৰা হয়। গ্রন্থ উন্মোচনী সভাত শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক সম্পাদক কুশল ঠাকুৰীয়া, দৰং মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ড° স্বাধীনতা মহন্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। কালি পুৱাৰে পৰা জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্র উদুলি-মুদুলি হৈ পৰে।