ডিজিটেল ডেস্ক : দেশত দ্রুত গতিত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। মাত্ৰ চাৰি বছৰৰ ভিতৰত দেশত চাইবাৰ অপৰাধৰ পৰিমাণ ছয়গুণ বৃদ্ধি পালে। কিন্তু এই চাইবাৰ অপৰাধসমূহৰ তিনিভাগৰ এভাগ ঘটনাতহে গোচৰ পঞ্জীয়ন হয়। 'ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ৰিপ'টিং প'ৰ্টেল (এন চি আৰ পি)ব প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। প্রতিবেদনত প্রকাশ পোৱা মতে, চাইবাৰ অপৰাধ সন্দৰ্ভত বছৰি অভিযোগৰ পৰিমাণে ৩০ লাখৰ ঘৰ চুইছেগৈ। কিন্তু সেই অনুসৰি থানাত দাখিল হোৱা অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন নহয়। যাৰ ফলত অভিযোগৰ তদন্ত আৰু ন্যায় প্রদান প্রক্রিয়া ব্যাহত হৈছে।
তথ্য অনুসৰি দেশৰ ৯৭ শতাংশ চাইবাৰ অপৰাধৰ অভিযোগৰে কোনো গোচৰ পঞ্জীয়ন নহয়। যাৰ ফলত অপৰাধী চক্র নিৰাপদে সাৰি যায়। ২০২১ৰ পৰা ২০২৫ চনৰ ভিতৰত দেশত চাইবাৰ অপৰাধৰ অভিযোগৰ পৰিমাণ ছয়গুণ বৃদ্ধি পালে। গড় হিচাপত বছৰি ৫৮ শতাংশ বৃদ্ধি পাইছে, কিন্তু সেই অনুপাতে বৃদ্ধি পোৱা নাই গোচৰৰ পঞ্জীয়ন। ২০২১ চনত মাত্র ২.৫ শতাংশ অভিযোগৰহে গোচৰ পঞ্জীয়ন হৈছিল। ২০২৪ চনলৈ গোচৰ পঞ্জীয়নৰ হাৰ ২.৯ শতাংশলৈ বৃদ্ধি পাইছিল যদিও ২০২৫ চনত ই পুনৰ ১.৪ শতাংশলৈ হ্রাস পায়। সমগ্র প্রক্রিয়াটোক অতি গুৰুতৰ হিচাপে অভিহিত কৰি কেন্দ্ৰই ৰাজ্যসমূহলৈ গোচৰ পঞ্জীয়নৰ হাৰ বৃদ্ধি কৰাৰ বাবে আহ্বান জনাইছে। কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক 'ই-জিৰো এজাহাৰ ব্যৱস্থা' প্রৱৰ্তন কৰাৰ বাবে আহ্বান জনাইছে, যাৰ দ্বাৰা চাইবাৰ অপৰাধৰ ভুক্তভোগীয়ে ডিজিটেল মাধ্যমেৰে এজাহাৰ দাখিল কৰিব পাৰিব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে চাইবাৰ অপৰাধ সন্দর্ভত অভিযোগৰ বাবে হেল্পলাইন নম্বৰ ১৯৩০ ঘোষণা কৰা আছে। ২০২৫ চনত এই হেল্পলাইন নম্বৰত ৩.২৪ কোটি ফ'ন কল আহিছিল। প্রায় প্রতি ছেকেণ্ডত এটাকৈ ফ'ন। সেই বর্ষত প্রতিদিনে চাই বাৰ অপৰাধৰ অভিযোগৰ ৮৮,৯৭৬টা ফ'ন আহিছিল। কিন্তু আৰক্ষী প্রশাসনে এই অভিযোগসমূহৰ ভিত্তিত গোচৰ ৰুজু নকৰাৰ বাবেই চাইবাৰ অপৰাধীয়ে সংঘটিত কৰি গৈছে ইটোৰ পিছত সিটো অপৰাধ।