ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছৰ এচিভাৰ সন্মান লাভ, অবিশ্বাস্য স্মৰণ শক্তি তেজপুৰৰ ১৯মহীয়া শিশুৰ

dainik janambhumi June 27, 2026

ডিজিটেল ডেস্ক : তেজপুৰৰ ১৯ মহীয়া এটি শিশুৱে ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছৰ এছিভাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত দ-পৰ্বতীয়াৰ নিৱাসী ব্যৱসায়ী অনুপজ্যোতি শইকীয়া আৰু শিক্ষয়িত্ৰী ভৈৰৱী তামুলীৰ পুত্ৰ আদ্ভিক অনুভৱ শইকীয়াই ১ বছৰ ৯ মাহ বয়সতে ক্রমে ১০টা ফল, ১৩বিধ পাচলি, ১৫বিধ খাদ্যবস্তু, ৫বিধ আচবাব, ৭ প্ৰকাৰৰ যান-বাহন, ১২টা জন্তু, ৫বিধ চৰাই, ১৬ প্ৰকাৰৰ শৰীৰৰ অংগ আৰু চৌদিশৰ অন্যান্য ৩৪ প্ৰকাৰৰ বস্তুসহ ১১৭ প্ৰকাৰৰ বস্তু তাৎক্ষণিকভাৱে চিনাক্ত কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছৰ এছিভাৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাত স্থানীয় অঞ্চলটোত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। 

উল্লেখযোগ্য যে অবিস্মৰণীয় স্মৃতিশক্তিৰ কণমানিটোৱে এফালৰ পৰা কৈ যায় বস্তুসমূহৰ নাম। এই অদ্ভুত প্রতিভাৰ বিষয়ে জানিব পাৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ কমিটীয়ে শিশুটিৰ ওপৰত পৰীক্ষা চলোৱাৰ পাছত নির্দিষ্ট সময়ত ১১৭ বিধ বস্তু চিনাক্ত কৰি তপৰাই নামবোৰ কৈ যোৱাৰ পাছত যোৱা ১ জুনত ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ কমিটীয়ে এই ৰেকৰ্ডৰ মান্যতা প্রদান কৰে।

Share This