শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, সাহিত্য, সমাজ-সাংস্কৃতিক আদৰ্শ প্ৰচাৰৰ লক্ষ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়, পাঞ্জাব বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ চেয়াৰৰ বুজাবুজিৰ চুক্তি

dainik janambhumi June 27, 2026

ডিজিটেল ডেস্ক : শ্ৰীমন্ত শংকৰদেৱৰ সমৃদ্ধ বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু শৈক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে আৰু কালি পাঞ্জাব বিশ্ববিদ্যালয়, চণ্ডীগড়স্থিত শ্ৰীমন্ত শংকৰদেৱ চেয়াৰৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে গৱেষণা, সাংস্কৃতিক বিনিময়, শৈক্ষিক উদ্ভাৱন আৰু ভাৰতৰ উমৈহতীয়া ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক দীর্ঘম্যাদী অংশীদাৰিত্বৰ সূচনা কৰিব। 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য প্রাধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, মানৱিক আৰু আইন অনুষদৰ গুৰু প্ৰাধ্যাপক জয়ন্ত কুমাৰ বৰা, অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ আৰু ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড° যাদৱ বৰাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। পাঞ্জাব বিশ্ববিদ্যালয়ৰ পক্ষৰ পৰা হিন্দী বিভাগৰ প্ৰাধ্যাপক, প্রাক্তন ডীন তথা শ্রীমন্ত শংকৰদেৱ চেয়াৰৰ প্ৰাক্তন সমন্বয়ক প্রাধ্যাপক যোজনা ৰাৱতে প্রতিনিধিত্ব কৰে। 

চুক্তিখনত ভক্তি আন্দোলন আৰু শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন, শিক্ষক-শিক্ষার্থী বিনিময়, গৱেষক-গৱেষণাৰ্থীৰ যৌথ তত্ত্বাৱধান, যৌথ প্রকাশনা আৰু অনুবাদ, আলোচনা-চক্র, সন্মিলন, স্মাৰক বক্তৃতা, কর্মশালা, সাংস্কৃতিক উৎসৱ আৰু আন্তঃবিষয়ক গৱেষণাৰ দৰে ক্ষেত্রসমূহত বিস্তৃত সহযোগিতাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি পৰিৱেশন কলাৰ প্ৰচাৰ, পাণ্ডুলিপি আৰু সংৰক্ষণাগাৰভুক্ত সামগ্ৰীৰ ডিজিটেল সংৰক্ষণ আৰু উত্তৰ-পূৰ্বাঞ্চলীয় ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত এক শক্তিশালী শৈক্ষিক সেতুবন্ধন গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। লগতে দুয়োটা প্রতিষ্ঠানে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা অনুদান লাভৰ সম্ভাৱনা বিচাৰি উলিওৱাৰ লগতে যৌথ গৱেষণা প্ৰকল্প হাতত লোৱাৰ বিষয়েও অনুসন্ধান চলাব। এই চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে শ্রীমন্ত শংকৰদেৱৰ দৰ্শন, সাহিত্য, পৰিৱেশন কলা আৰু সমাজ-সাংস্কৃতিক আদর্শসমূহক বিভিন্ন যৌথ শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে অধিক বিস্তৃতভাৱে প্ৰচাৰ কৰা। এই সহযোগিতাই গৱেষক, শিক্ষার্থী আৰু পণ্ডিতসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰত তাৎপৰ্যপূৰ্ণ ভূমিকা গ্রহণ কৰিব বুলি আশা প্রকাশ কৰা হৈছে। দুয়োটা প্ৰতিষ্ঠানৰ সিদ্ধান্ত অনুসৰি পাঞ্জাব বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ চেয়াৰৰ হৈ অধ্যাপিকা যোজনা ৰাৱতে নোডেল বিষয়া হিচাপে দায়িত্ব পালন কৰিব, আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ প্রাধ্যাপক সত্যকাম বৰঠাকুৰে নোডেল বিষয়া হিচাপে সহযোগিতামূলক কাৰ্যসূচীসমূহৰ ৰূপায়ণ আৰু MOU-ৰ অধীনত ভৱিষ্যতৰ শৈক্ষিক কাৰ্যকলাপসমূহৰ তদাৰক কৰিব। 

অনুষ্ঠানত ভাষণ দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্রাধ্যাপক জিতেন হাজৰিকাই আশা প্রকাশ কৰে যে এই অংশীদাৰিত্বই দুয়োখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ মাজৰ শৈক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ, ভাৰতীয় জ্ঞান-ঐতিহ্য, সাহিত্য, পৰিৱেশন কলা, থলুৱা জ্ঞান-ব্যৱস্থা আৰু তুলনামূলক সাংস্কৃতিক অধ্যয়নৰ ক্ষেত্ৰত গৱেষণা আৰু সাংস্কৃতিক বিনিময়ৰ নতুন দিশ উন্মোচন কৰিব। এই বুজাবুজি চুক্তিয়ে শৈক্ষিক উৎকর্ষ সাধন, সাংস্কৃতিক বুজাপৰা বৃদ্ধি আৰু অঞ্চলভিত্তিক অর্থপূর্ণ সহযোগিতা গঢ়ি তোলাৰ এক উমৈহতীয়া অংগীকাৰ প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে উচ্চ শিক্ষাৰ বিকাশ আৰু ভাৰতৰ বৈচিত্র্যপূৰ্ণ বৌদ্ধিক পৰম্পৰাৰ উদযাপনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে।

Share This