অম্বুবাচীৰ নিবৃত্তিৰ পাছত পুনৰ মুকলি জুবিন ক্ষেত্র

dainik janambhumi June 27, 2026

ডিজিটেল ডেস্ক : অম্বুবাচী উপলক্ষে তিনিদিন ধৰি বন্ধ হৈ থকা জুবিন ক্ষেত্র কালি পুনৰ মুকলি কৰা হয়। কালি পুৱাতে জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিয়ে প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিস্থলীখন চাফ-চিকুণ কৰে। আনহাতে, চাকি-বন্তি জ্বলাই নাম-কীৰ্তন কৰাৰ লগতে শৰাই আগবঢ়াই প্ৰাণৰ শিল্পীজনলৈ শ্ৰদ্ধা নিবেদন কৰা হয়। 

ইফালে কালি দিনৰ ভাগত শিল্পীগৰাকীৰ সহধর্মিণী গৰিমা শইকীয়া গাৰ্গ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে। ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা জনোৱাৰ লগতে তেওঁৰ শয়নস্থলী শান্তি পানীৰে শুদ্ধি কৰে। ইয়াৰ পাছত কাষতে থকা ধর্মীয় কক্ষত আয়তীসকলে কৰা নাম-প্ৰসংগত গৰিমা শইকীয়া গার্গে অংশগ্রহণ কৰে। তেওঁ প্ৰসাদৰ শৰাই আগবঢ়াই ভক্তিভৰা পৰিৱেশত প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে। 

সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত গৰিমা শইকীয়া গার্গে কয়, 'অম্বুবাচীৰ নিয়ম অনুসৰি জুবিন ক্ষেত্ৰৰ মূল দুৱাৰ আজি এনেদৰে আধ্যাত্মিক পৰিৱেশৰ মাজেৰে মুকলি কৰা হ'ল। জুবিনে নিজৰ কৰ্মৰ জৰিয়তেহে আমাক এনে এক পৰিৱেশ দি গৈছে। তেওঁৰ আদৰ্শ জীয়াই ৰাখিবলৈ হ'লে তেওঁৰ সৃষ্টিসমূহ নতুন প্রজন্মৰ মাজলৈ লৈ যাব লাগিব। এনে কৰ্মৰ মাজেৰেই জুবিনৰ চিন্তা-চেতনা জীয়াই থাকিব।' ইপিনে ন্যায় প্রক্রিয়া সন্দর্ভত তেওঁ কয়, 'ন্যায় প্রক্রিয়া চলি আছে। আমি সোনকালেই এটা ইতিবাচক ফলাফল পাম বুলি আশাবাদী। সত্যৰ সদায় জয় হওক, জুবিন বিজয়ী হওক। জুবিনৰ জয় হোৱা মানে সমগ্র অসমৰ জয়।' 

জুবিন ক্ষেত্ৰৰ আদৰ্শ আগুৱাই নিয়াৰ বাবে কেইবাটাও নতুন পদক্ষেপ গ্রহণ কৰা হৈছে বুলি গৰিমা শইকীয়া গার্গে জানিবলৈ দিয়ে। গড়ভাঙাত অৱস্থিত পাৰিজাত একাডেমিৰ পিছপৰা অঞ্চলৰ ছাত্ৰসকলৰ বাবে এক আৱাসিক হোষ্টেল নিৰ্মাণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। যুৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে গ্রাম্য ফুটবল প্রশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। ছাত্র-ছাত্ৰীসকলৰ সাংস্কৃতিক প্রতিভা বিকাশৰ বাবে অভিনয় কৰ্মশালাৰ আয়োজন কৰা হ'ব। অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবেও ইতিমধ্যে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হৈছে। এই সমগ্র কাম-কাজ সুচাৰুৰূপে আৰু বৈজ্ঞানিকভাৱে পৰিচালনা কৰিবলৈ এটা বিশেষ ৰিছাৰ্চ টীম গঠন কৰা হৈছে। এই টীমটোৱে প্ৰতিটো দিশ গভীৰভাৱে অধ্যয়ন কৰি পৰৱৰ্তী পদক্ষেপ গ্রহণ কৰিব। তেওঁ লগতে কয় যে এই সকলো প্ৰচেষ্টাই অঞ্চলটোৰ শৈক্ষিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দিশত নতুন গতি প্রদান কৰিব।

Share This